Local, Vocal, Global

Hathras road accident: বাছ আৰু এখন পিকআপ ভানৰ মাজত সংঘৰ্ষ;নিহত ১৭জনকৈ লোক

নেশ্যনেল ডেস্ক,৭ছেপ্তেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত ১৭জনকৈ লোক ।আহত বহু কেইজন যাত্ৰী(Hathras road accident) ।

শুকুৰবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ হাথৰছৰ চান্দপা কোটৱালি অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । চান্দপা কোটৱালি অঞ্চলৰ মীটাই বাইপাছত আলিগড় ডিপোৰ এ চি জনৰথ নামৰ বাছখন আৰু এখন পিকআপ ভানৰ মাজত সংঘৰ্ষ হয় ।দুৰ্ঘটনা গ্ৰস্ত পিকআপ ভানখনত মহিলা, পুৰুষ আৰু শিশুসহ কেবাগৰাকীও যাত্ৰী আছিল বুলি জানিব পৰা গৈছে । এই ভয়াৱহ পথ দুৰ্ঘটনাত ১৭ জন লোকৰ মৃত্যু হয় । ইফালে বহু লোক আহত হয়( 17 killed, bus rams tempo loader)।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক নিপুন আগৰৱালা, জিলা দণ্ডাধীশ আশীষ কুমাৰ, চি অ’ হিমাংশু মাথুৰ উপস্থিত থাকে আৰক্ষী বাহিনীৰ সৈতে । আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়( 17 Killed In Collision Between Bus And Loader Tempo In Hathras) ।

এ ইভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ এক্স-পোষ্টত লিখিছে যে ‘‘হাথৰছ জিলাত সংঘটিত পথ দুৰ্ঘটনাত বহুলোকে প্ৰাণ হেৰুওৱাটো অত্যন্ত দুখজনক । মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ । আহতসকলক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে । ভগৱান শ্ৰীৰামৰ চৰণত বিদেহ আত্মাক শান্তি আৰু আহতসকলক শীঘ্ৰে আৰোগ্য লাভ কৰাৰ বাবে প্ৰাৰ্থনা জনাইছো ।’’

ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে ।

জিলা দণ্ডাধীশ আশীষ কুমাৰে জনোৱা মতে, আগ্ৰা-আলিগড় ৰাষ্ট্ৰীয় ঘাইপথত অভাৰটেকৰ সময়ত এখন ৰোডৱেজ বাছে পিকআপ ভানখনত খুন্দা মাৰে । এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯ জন আহত হয় । আহতসকলৰ ভিতৰত ৮ জনৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । দুৰ্ঘটনাটোত ৭ জন পুৰুষ, চাৰিগৰাকী মহিলা আৰু চাৰিটা শিশু নিহত হৈছে ।

আৰক্ষী অধীক্ষক নিপুন আগৰৱালাই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাটোত নিহত আটাইকেইজন লোক সাছনীৰ পৰা খাণ্ডাউলীলৈ গৈ আছিল । এই আটাইকেইজন লোক আহিছিল হাথৰছৰ মুকান্দ খেদা গাঁৱলৈ । চালকজনক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে । ইতিমধ্যে মৃতকক চিনাক্ত কৰা হৈছে । জানিব পৰা মতে, এক ভোজত অংশ লোৱাৰ পিছত আগ্ৰাৰ খাণ্ডাউলী থানা এলেকাৰ সেমৰা গাঁৱৰ ৩০ জনতকৈ অধিক লোক পিকআপ ভানত উঠি নিজৰ ঘৰলৈ উভতি আহিছিল । য’ত শিশু, মহিলা আৰু বৃদ্ধও আছিল ।

মৃতসকল- ইৰ্শ্বাদ, ছোটে, মুন্না, মুস্কান, ভোলা, হামিদ ওৰফে তল্লী, হামিদ উফ তাল্লী, নাজমা, খুছবু, জামিল, আয়ান, চুফিয়ান, ছয়েব, চণু আৰু ইছৰাত ।

লগতে পঢ়ক : Grandfather sexually assault 7 year old girl : নিজ ককাকৰ কামনাৰ বলি হ’ল এগৰাকী ৭ বছৰীয়া নাবালিকা