Local, Vocal, Global

Dhing Gang Rape : অৱশেষত আৰক্ষীৰ জালত পৰিল ধিং কাণ্ডৰ দুই পলাতক অভিযুক্ত

নিউজ ডেস্ক,৭ছেপ্তেম্বৰ : অৱশেষত আৰক্ষীৰ জালত পৰিল ধিং কাণ্ডৰ দুই পলাতক অভিযুক্ত । নগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপউদ্দিনক।

বিগত ১৫ দিনে আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল ধিং কাণ্ডৰ দুই অভিযুক্ত। পলাতক দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱৰাত অধিক ক্ষুব্ধ হৈ পৰিছিল ধিংবাসী। নগালেণ্ডৰ ডিমাপুৰত লুকাই আছিল এজন অভিযুক্ত। আন এজন অভিযুক্তই আত্মগোপন কৰি আছিল হোজাইৰ মোৰাঝাৰত(2 Accused Surrender Before Nagaon Police)।

ধিং কন্যাৰ ন্যায়ৰ লগতে পলাতক দুই অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবীত অব্যাহত আছিল প্ৰতিবাদ। ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত পলাবলৈ লওঁতে পুখুৰীত পৰি মৃত্যু হৈছিল এগৰাকী অভিযুক্ত তফাজ্জুলৰ(Dhing Gang Rape)।

লগতে পঢ়ক :Teenage girl raped in Barhola : ১৭ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি অন্তসত্বা কৰাৰ অভিযোগ বিবাহিত পুৰুষৰ বিৰুদ্ধে