Local, Vocal, Global

19 state commissioners have been transferred on the same day : ৰাজ্যৰ ১৯ খন জিলাৰ জিলা আয়ুক্তক সাল-সলনি

নিউজ ডেস্ক,৭ছেপ্তেম্বৰ : ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ৰদ বদল। শুকুৰবাৰৰ কেবাখনো জিলাৰ আয়ুক্তক বিভিন্ন বিভাগৰ আয়ুক্ত অথবা সচিব পদলৈ বদলি কৰি দিছপুৰলৈ অনা হৈছে ৷ আনহাতে বহুকেইগৰাকী জিলা আয়ুক্তৰ ওপৰত ন্যস্ত কৰা হৈছে অতিৰিক্ত দায়িত্ব(19 state commissioners have been transferred on the same day) ৷

ৰাজ্যৰ ১৯ খন জিলাৰ জিলা আয়ুক্তক সাল-সলনি কৰা হৈছে ….

কামৰূপৰ নতুন জিলা আয়ুক্ত হ’ব দেৱকুমাৰ মিশ্ৰ

কামৰূপৰ জিলা আয়ুক্ত জলি কীৰ্তিক পঞ্চায়ত-গ্রামোন্নয়ন বিভাগ, স্বচ্ছ ভাৰত মিছনৰ সঞ্চালক হিচাপে বদলি।

বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গক শিৱসাগৰলৈ বদলি

শিৱসাগৰৰ জিলা আয়ুক্ত আদিত্য বিক্রম যাদৱক মুখ্যমন্ত্রী সচিবালয়লৈ বদলি

পঞ্চায়তৰ যুটীয়া সচিব মছন্দ মাগডালিন পার্টিনক কোকৰাঝাৰলৈ বদলি

কোকৰাঝাৰৰ আয়ুক্ত প্রদীপ কুমাৰ দ্বিবেদীক কৰিমগঞ্জৰ জিলা আয়ুক্ত ৰূপে বদলি ।

কৰিমগঞ্জৰ আয়ুক্ত মৃদুল যাদৱক কাছাৰৰ জিলা আয়ুক্ত ৰূপে বদলি।

চৰাইদেউৰ নতুন জিলা আয়ুক্ত হ’ব বিশ্বনাথৰ আয়ুক্ত নেহা যাদৱ।

পঞ্চায়ত বিভাগৰ যুটীয়া সচিব ৰূপে বদলি চৰাইদেউৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীক ।

কাছাৰৰ জিলা আযুক্ত ৰোহণ কুমাৰ ঝাক বৰপেটালৈ বদলি।

বিশ্বনাথৰ নতুন জিলা আয়ুক্ত হ’ব বৰ্তমান দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্র নাথ নাংটে।

যোৰহাটৰ জিলা আয়ুক্ত হ’ব পঞ্চায়ত আয়ুক্ত জয় শিৱানী।

যোৰহাটৰ জিলা আয়ুক্ত পুলক মহন্ত হ’ব গোলাঘাটৰ নতুন জিলা আয়ুক্ত।

গোলাঘাটৰ DC ড০ চি উদয়ক উদ্যোগ-বাণিজ্য বিভাগৰ অতিঃ সচিবলৈ বদলি।

তামুলপুৰৰ DC বিদ্যুৎ বিকাশ ভাগবতীক হোজাইলৈ বদলি।

তামুলপুৰৰ নতুন জিলা আয়ুক্ত হ’ব যুটীয়া সচিব পংকজ চক্ৰৱৰ্তী ।

লখিমপুৰৰ নতুন DC হ’ব হোজাইৰ DC লাচিত কুমাৰ দাস।

লখিমপুৰৰ জিলা আয়ুক্ত গায়ত্ৰী দেৱীদাসক বিত্ত বিভাগৰ যুটীয়া সচিবৰূপে বদলি।

ধেমাজিৰ নতুন জিলা আয়ুক্ত হ’ব ওদালগুৰিৰ DC জাভিৰ ৰাহুল সুবেশ।

ধেমাজিৰ আয়ুক্ত অংকুৰ ভৰালীক শোণিতপুৰলৈ বদলি।

মাজুলীৰ নতুন জিলা আয়ুক্ত হ’ব যুটীয়া সচিব ৰাতুল চন্দ্ৰ পাঠক ।

মাজুলীৰ জিলা আয়ুক্ত কাবেৰী বৰকাকতি শৰ্মা ভূমি সংৰক্ষণ বিভাগৰ নতুন অতিঃ সচিব।

বাক্সাৰ নতুন জিলা আয়ুক্ত হ’ব মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিঃ সচিব গৌতম দাস।

দৰঙৰ নতুন জিলা আয়ুক্ত হ’ব গোলাঘাট জিলা পৰিষদৰ CEO পৰাগ কুমাৰ কাকতি।

ওদালগুৰিৰ নতুন আয়ুক্ত হ’ব উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সচিব পুলক পাটগিৰি।

ধুবুৰীৰ জিলা উন্নয়ন আয়ুক্ত পল্লৱ মজুমদাৰক মুখ্যমন্ত্রী সচিবালয়ৰ যুটীয়া সচিব ৰূপে বদলি।

লগতে পঢ়ক : Wrestlers Vinesh Phogat and Bajrang Punia join Congress : কংগ্ৰেছত যোগ দিলে দেশৰ দুই মল্লযুঁজাৰু বিনেশ ফ’গাট আৰু বজৰং পুনিয়াই