Wrestlers Vinesh Phogat and Bajrang Punia join Congress : কংগ্ৰেছত যোগ দিলে দেশৰ দুই মল্লযুঁজাৰু বিনেশ ফ’গাট আৰু বজৰং পুনিয়াই
নিউজ ডেস্ক,৭ছেপ্তেম্বৰ : কংগ্ৰেছত যোগ দিলে দেশৰ দুই মল্লযুঁজাৰু বিনেশ ফ’গাট আৰু বজৰং পুনিয়াই। শুকুৰবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে দুয়োগৰাকী মল্লযোদ্ধাই ।
নতুন দিল্লীত অনুষ্ঠিত যোগদান সভাত বিনেশ আৰু বজৰং পুনিয়াই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰে। ইয়াৰ পাছতে দুয়োগৰাকীয়ে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক তেঁওৰ বাসগৃহত সাক্ষাৎ কৰে।
কংগ্ৰেছত যোগদান কৰি তেঁওলোকে কয়- যেতিয়া আমি ৰাজপথত আন্দোলন কৰিছিলো তেতিয়া আমাক প্ৰেৰণা যোগাইছিল কেৱল কংগ্ৰেছে। দেশৰ জনসাধাৰণে। আমাৰ বিপদৰ সময়ত সমৰ্থক ৰাজনৈতিক দল হিচাপে কংগ্ৰেছকে ওচৰত পাইছিলো( Wrestlers Vinesh Phogat and Bajrang Punia join Congress)।
আমাৰ বেদনা আৰু চকুলো বুজি পাইছিল কংগ্ৰেছ আৰু দেশৰ জনসাধাৰণে।মানুহৰ বেয়া সময়তহে মানুহক চিনিব পৰা যায়। কিয়নো এনে সময়ত কোনে কাৰ কাষত থিয় হৈ আছে তাক বিচাৰি উলিয়াব পৰা যায় বুলি মন্তব্য কৰে।
ইতিমধ্যে দুয়োগৰাকী খেলুৱৈৰ কংগ্ৰেছত যোগদানৰ কথা সামাজিক মাধ্যমত ৰাজহুৱা কৰিছে সভাপতি খাৰ্গে।