Assam CM Reaction over online Stock Market, Trading fraud : অনলাইন ট্ৰেডিং সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
নিউজ ডেস্ক,৫ছেপ্তেম্বৰ : অনলাইন ট্ৰেডিঙৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া(Assam CM Reaction over online Stock Market, Trading fraud) ।
ৰাজ্যত ঘটি থকা ট্ৰেডিং কেলেংকাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কেৱল চুমি বৰাই নহয়,অনলাইন ট্ৰেডিঙৰ লগত জড়িত থকা সকলো গ্ৰেপ্তাৰ হ’ব লাগিব । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰা সকলোৰে বিৰুদ্ধে ব্যৱস্থা হ’ব।’’
‘‘RBI আৰু RBIৰ অধীনৰ প্ৰতিষ্ঠানত বিনিয়োগ কৰক। RBIৰ অনুমোদন অবিহনে কোনো লেনদেন কৰিব নোৱাৰে। সমগ্ৰ বিষয়টো তদন্ত কৰি আছে CIDএ। প্ৰয়োজন হ’লে SIT গঠন কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰকো বিষয়টো জনোৱা হৈছে।’’ ডিব্ৰুগড়ত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে ৰাইজকো সহযোগ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
উল্লেখ্য যে, দীপাংকৰ বৰ্মন কোটিটকীয়া ট্ৰেডিং কেলেংকাৰী পোহৰলৈ অহাৰ পৰা ৰাজ্যত পোহৰলৈ আহিছে এজনৰ পিছত সিজন ট্ৰেডিং প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ কু-কাণ্ড। বিশাল ফুকন, স্বপনীল দাস, ৰঞ্জিত কাকতিকে ধৰি এতিয়ালৈকে প্ৰায় ৪০গৰাকী প্ৰৱঞ্চক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে(Assam CM Reaction over online Stock Market, Trading fraud)।