Local, Vocal, Global

National Teachers Awards 2024: আজি ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব

নিউজ ডেস্ক,৫ছেপ্তেম্বৰ : আজি শিক্ষক দিৱস পালন। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে বৃহস্পতিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্রীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্রদান কৰিব(National Teachers Awards 2024)।

ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰ মূল উদ্দেশ্যে হৈছে শিক্ষক-শিক্ষয়িত্রীসকলৰ অসাধাৰণ অৱদানৰ উদযাপন আৰু স্কুলীয়া শিক্ষাৰ মান উন্নত কৰাৰ লগতে শিক্ষার্থীসকলৰ জীৱন সমৃদ্ধ কৰা একাংশ শিক্ষকক সন্মানিত কৰা । স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে এই বছৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰ বাবে ৫০ গৰাকী শিক্ষক-শিক্ষয়িত্রীক বাঁচনি কৰিছে। স্বচ্ছ আৰু অনলাইন প্রক্রিয়াৰে জিলা, ৰাজ্য আৰু ৰাষ্ট্রীয় পর্যায়ত এই শিক্ষকসকলক বাঁচনি কৰা হৈছে(President Murmu to confer National Teachers’ Award today)।

লগতে পঢ়ক : Harvinder Singh wins India’s first-ever Para archery gold : পেৰালিম্পিকত হৰবিন্দৰ সিঙৰ স্বৰ্ণপদক অৰ্জন