Harvinder Singh wins India’s first-ever Para archery gold : পেৰালিম্পিকত হৰবিন্দৰ সিঙৰ স্বৰ্ণপদক অৰ্জন

নিউজ ডেস্ক,৫ছেপ্তেম্বৰ : পেৰালিম্পিকত ইতিহাস ৰচনা কৰিলে হৰবিন্দৰ সিঙে । পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ আৰ্চাৰীৰ ৰিকাৰ্ড শিতানৰ ব্যক্তিগত শাখাত সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিলে হৰবিন্দৰ সিঙে।
বুধবাৰে সোণৰ পদক অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয় হৰবিন্দৰ সিং(Harvinder Singh wins India’s first Paralympic gold medal in archery)।
একেদৰে ধর্মবীৰে পুৰুষৰ ক্লাৱ থ্ৰৰ এফ ৫১ শিতানৰ ফাইনেলত ৩৪.৯২ মিটাৰলৈ দলিয়াই এছিয়ান অভিলেখ ভংগ কৰাৰ লগতে স্বর্ণ পদক হস্তগত কৰে। এই একেটা শিতানত প্ৰণৱ সুৰমাই ৩৪.৫৯ মিটাৰলৈ দলিয়াই ৰূপৰ পদক অর্জন কৰে। ইয়াৰ পূর্বে বিশ্ব চেম্পিয়ন শচীন সৰ্জেৰাও খিলাৰীয়ে পুৰুষৰ স্বটপুটৰ এফ ৪৬ শিতানত ৰূপৰ পদক লাভ কৰে।
প্রতিযোগিতাত আজি অষ্টম দিনা ভাৰতীয় দলে পেৰা আৰ্চাৰীত ভাল প্রদর্শনেৰে অভিযান সামৰাৰ চেষ্টা কৰিব। সোণৰ পদক জয়ী হৰবিন্দৰ সিঙে আজি দ্বিতীয়টো পদক জয়ৰ লক্ষ্যৰে ৰিকাৰ্ড অপেন শিতানৰ মিক্সড দলীয় শাখাত অৱতীর্ণ হ’ব(Harvinder Singh wins India’s first-ever Para archery gold)।
একেদৰে কপিল পৰমাৰ আৰু ককিলাই ব্লাইণ্ড জুড়ো শিতানত দেশক প্রতিনিধিত্ব কৰিব। উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত ৫টা সোণ, ৯টা ৰূপ আৰু ১০টা ব্রঞ্জ সহ ২৪টা পদক লাভ কৰি পদক তালিকাৰ ত্রয়োদশ স্থানত আছে।
লগতে পঢ়ক :Fake currency notes seized : বঙাইগাঁৱত জব্দ নকল নোট;আটক এজন