Guwahati police arrested Swapnanil Das : আজি CJM আদালতত হাজিৰ কৰোৱা হ’ব স্বপ্ননীলক
নিউজ ডেস্ক,৪ছেপ্তেম্বৰ : অব্যাহত আছে ধৃত স্বপ্ননীলক লৈ দিছপুৰ আৰক্ষী থানাত মাৰাথন জেৰা। বুধবাৰে পুৱতি নিশা স্বপ্ননীলক আৰক্ষীয়ে কৰোৱাই স্বাস্থ্য পৰীক্ষা।
জানিব পৰা মতে, আজি CJM আদালতত হাজিৰ কৰোৱা হ’ব স্বপ্ননীলক(Guwahati police arrested Swapnanil Das)।
ইফালে বুধবাৰে নিশাই তদন্তকাৰী আৰক্ষীয়ে জব্দ কৰিছে স্বপ্ননীলৰ তৃতীয়খন বিলাসী বাহন। জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা জব্দ কৰা হৈছে বগা ৰঙৰ আন এখন মাৰ্চিডিজ বাহন। ইতিমধ্য স্বপ্ননীলৰ ছুপাৰ মাৰ্কেটৰ TFAL বিনিয়োগ প্ৰতিষ্ঠানখন ছীল কৰিছে দিছপুৰ আৰক্ষীয়ে। দিছপুৰ আৰক্ষীৰ ACPৰ নেতৃত্বৰ অভিযানত ছীল কৰা হৈছে প্ৰতিষ্ঠানখন। লগতে ছীল কৰা হৈছে স্বপ্ননীলৰ শিৱসাগৰৰ অন্য এখন বিনিয়োগ প্ৰতিষ্ঠানো।
উল্লেখ্য যে কিছুদিন পূৰ্বে Black stone নামৰ এটা ট্ৰেডিং Appৰ জৰিয়তে অসমৰ পৰা বহু টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছিল । সেই Black stone নামৰ এপটোৰ লগত স্বপ্ননীল দাস জড়িত থকাৰ অভিযোগ। গুৱাহাটীৰ বেলতলাৰ ফ্লেটৰ পৰা আৰক্ষীয়ে আটক কৰিছিল স্বপ্ননীল দাসক। স্বপ্ননীল দাসৰ প্ৰকৃত ঘৰ শিৱসাগৰত। ট্রেডিং কাৰবাৰত প্ৰথমে ধন আত্মসাতত নাম সাঙোৰ খাইছিল স্বপ্ননীলৰ।
লগতে পঢ়ক : Protests against smart meters in Kaliabor : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কলিয়াবৰত মহিলাৰ প্ৰতিবাদ