Local, Vocal, Global

PMAY scam in Chapar : PMAY গৃহৰ নামত ধন লুন্ঠন সভাপতিৰ

চাপৰ,৩ছেপ্তেম্বৰ : পঞ্চায়তৰ সভাপতিৰ দাদাগিৰি ৰাজ চলিছে । ডেম কেয়াৰ সভাপতি লালদেৱ শ্যামা। লালদেৱ শ্যামাৰ বিৰুদ্ধে এজাহাৰ দিলেই । ঘৰত গৈ ভাবুকি দিয়ে ভুক্তভোগীক

এইজন হৈছে ফলিমাৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি লালদেৱ শ্যামা। লালদেৱ শ্যামাই দুখীয়া মানুহক ঘাটে ঘাটে পানী খুৱাইছে। মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ দৃষ্ঠি গোচৰ হবনে আমাৰ এই বাতৰি।

PMAY গৃহৰ নামত ধন লুন্ঠন সভাপতিৰ । সভাপতি লালদেৱ শ্যামাৰ বিৰুদ্ধে চৰকাৰী ঘৰৰ ধন আত্মসাত কৰাৰ বাতৰি সম্প্ৰচাৰন হোৱাৰ পাছতেই ভুক্তভোগীয়ে চাপৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। এজাহাৰ দাখিল কৰাৰ পাছতেই ডেম কেয়াৰ এইজন লালদেৱ শ্যামাই ভুক্তভোগীৰ ঘৰত গৈ ভাবুকি প্ৰদান কৰে। থানাত দাখিল কৰা এজাহাৰ উঠাই লবলৈ ভাবুকি দিয়ে। এজাহাৰ উঠাই নললে ভুক্তভোগী দুখীয়া পৰিয়ালটোৰ ওপৰত ওলোটাই এজাহাৰ দিয়াৰ ভাবুকি দিয়ে লালদেৱ শ্যামাই। উল্লেখ্য যে PMAY গৃহৰ নামত ফলিমাৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি লালদেৱ শ্যামাৰ বিৰুদ্ধে গৃহৰ নামত আবণ্টন হোৱা ৩২৫০০ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছিল চৈবাৰী আকলুলাইনৰ বাসিন্দা জহান মিন্চে(PMAY scam in Chapar)।

উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী দুখীয়া পৰিয়ালটোৱে চাপৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। কিন্তু এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীৰ ভুমিকা নিৰৱ। এতিয়ালৈকে আটক কৰা নাই চাপৰ আৰক্ষীয়ে প্ৰাক্তন সভাপতি লালদেৱ শ্যামাক। আৰক্ষীৰ লগত আৰক্ষীৰ কিহৰ মিতিৰালী। থানাত এজাহাৰ দিয়াৰ পাছতো এজাহাৰকাৰীৰ ঘৰত ভাবুকি দিয়াৰ সাহস কত পালে লালদেৱ শ্যামাই। আৰক্ষীৰ নিৰৱ ভুমিকাই চুকু কপালত তুলিছে সাধাৰণ ৰাইজৰ। আমাৰ এই বাতৰিৰ পাছত চাপৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সেইয়া সময়ত লক্ষনীয় হব।

লগতে পঢ়ক : President sanctions constitution of the 23rd Law Commission for three years term : ভাৰতৰ ২৩ সংখ্যক আইন আয়োগ গঠনত অনুমোদন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ