Local, Vocal, Global

RG Kar’s ex-principal Sandip Ghosh arrested :অৱশেষত গ্ৰেপ্তাৰ হ’ল আৰ জি কৰ চিকিৎসা হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ

নিউজ ডেস্ক, ৩ছেপ্তেম্বৰ : আৰ জি কৰ কাণ্ডৰ নতুন মোৰ। অৱশেষত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিলে চি বি আয়ে।সোমবাৰে সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰি সন্ধিয়া ছল্ট লেকৰ চি জি অ’ কমপ্লেক্সৰ পৰা নিজাম পেলেচৰ চি বি আইৰ কাৰ্যালয়লৈ অনা হয়। সোমবাৰৰ দিনটোতে সন্দীপ ঘোষক নিজাম পেলেচলৈ অনাৰ পূৰ্বে তাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল(RG Kar’s ex-principal Sandip Ghosh arrested)।

আৰ জি কাৰ হাস্পতালত এগৰাকী যুৱতী চিকিৎসকক হত্যাৰ ঘটনাৰ সন্দৰ্ভত ১৮ দিন ধৰি চিবিআইয়ে জেৰা অব্যাহত ৰাখিছে সন্দীপ ঘোষক। ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আৰ জি কাৰ হাস্পতালৰ দুৰ্নীতিৰ গোচৰত সন্দীপৰ বিৰুদ্ধেও চিবিআইয়ে তদন্ত আৰম্ভ কৰে।

উল্লেখ্য যে, কলকাতাৰ আৰ জি কাৰ হাস্পতালত এগৰাকী কনিষ্ঠ চিকিৎসকক হত্যাৰ গোচৰৰ পিছতেই বহুকেইটা অভিযোগ উত্থাপন হৈছিল।সমগ্ৰ দেশতে ভুক্তভোগী চিকিৎসকৰ ন্য়ায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল।সেই সময়তেই পদত্য়াগ কৰিছিল প্ৰতিষ্ঠানখনৰ অধ্যক্ষ সন্দীপ ঘোষে(CBI arrests former RG Kar Medical College principal, Sandip Ghosh and three others) ৷

ইফালে চিকিৎসালয়খনৰ প্রাক্তন উপ-অধীক্ষক আখতাৰ আলীৰ এজাহাৰৰ পাছতে ঘটনাক লৈ তদন্ত আৰম্ভ হৈছিল। চিকিৎসালয়খনৰ প্ৰাক্তন উপ অধীক্ষকে সন্দীপ ঘোষৰ বিৰুদ্ধে নিবিদা দুৰ্নীতি আনকি মৃতদেহ সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। পৰৱৰ্তী সময়ত ঘোষৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গোচৰ ৰুজু হয়। দীঘলীয়া জেৰাৰ অন্তত চি বি আয়ে সোমবাৰে ঘোষক গ্ৰেপ্তাৰ কৰে৷

লগতে পঢ়ক : Narcotics seized at lumding railway junction : লামডিঙত নিচাজাতীয় সামগ্ৰীসহ আটক সৰবৰাহকাৰী