Narcotics seized at lumding railway junction : লামডিঙত নিচাজাতীয় সামগ্ৰীসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,৩ছেপ্তেম্বৰ : ভাৰতীয় ৰে’লত প্ৰতিদিনে সৰবৰাহ হৈছে নিষিদ্ধ সামগ্ৰী। অবৈধ সামগ্ৰীৰ সৰবৰাহৰ যেন কেন্দ্ৰবিন্দু হৈ পৰিছে ভাৰতীয় ৰে’ল ।
পুনৰ লামডিঙত নিচাজাতীয় সামগ্ৰীসহ আটক সৰবৰাহকাৰী ।
সোমবাৰে পুনৰ আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰীসহ চাৰিজন লোকক আটক কৰে।
সোমবাৰে লামডিঙৰ ৰে’ল আৰক্ষী আৰু আৰপিএফৰ চিআইবি দলে যৌথভাবে অভিযান চলাই। অভিযানত পাঁচটা বেগত ১৯ কেজি ভাং আৰু এটা চাবোনৰ কেচত ১৯ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে(Narcotics seized at lumding railway junction) ৷
জানিব পৰা মতে, ৰে’ল আৰক্ষীয়ে ০১৬৬৬ নামনিমুৱা আগৰতলা-ৰাণী কমলাপতি এক্সপ্ৰেছত অভিযান চলাই এটা সাধাৰণ শ্ৰেণীৰ ডবাত পাথৰখোলা ৰে’লৱে ষ্টেচনত সামগ্ৰীখিনি জব্দ কৰাৰ লগতে লোক কেইজনক আটক কৰিবলৈ সক্ষম হয় ৷
আটকাধীন লোক চাৰিজন হৈছে ছিলঙৰ নিৱাসী মিলটন চক্ৰৱৰ্তী, বিহাৰৰ প্ৰণৱ কুমাৰ সিং, শংকৰ মাহাতো আৰু অভেষ ৰয় ৷ আগৰতলাৰ পৰা নিষিদ্ধ সামগ্ৰীসমূহ এনেদৰে বহি:ৰাজ্যলৈ সৰৱৰাহ কৰাৰ সন্দেহ কৰিছে ৰে’ল আৰক্ষীয়ে ৷
লগতে পঢ়ক : Dibrugarh Police Detain Bishal Phukan : অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল বিশাল ফুকন