Local, Vocal, Global

Dibrugarh Police Detain Bishal Phukan : অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল বিশাল ফুকন

নিউজ ডেস্ক,৩ছেপ্তেম্বৰ : অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল বিশাল ফুকন। ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত শ শ কোটি টকা লুণ্ঠনৰ অভিযোগত আটক হ’ল বিশাল ফুকন। ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ পৰা ধনকুবেৰ বিশাল ফুকনক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে। বিশালৰ এপাৰ্টমেণ্টত ৪ ঘণ্টাজোৰা তালাচীৰ অন্তত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে বিশালক(Dibrugarh Police Detain 22-Year-Old In Stock Market Investment Scam)।

ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত ডিব্ৰুগড়ৰ যুৱক বিশাল ফুকনে কেইবাশ কোটি টকা সংগ্ৰহৰ অভিযোগ আছে।

অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ যুৱকজনে নটাৰী যোগে বিভিন্নজনৰ সৈতে চুক্তি কৰি ব্যক্তিগত একাউণ্টত ধন সংগ্ৰহ কৰে। সেই ধন তেওঁ ষ্টক মাৰ্কেটত বিনিয়োগ কৰে বুলি জনায়।এই নটাৰীৰ চুক্তিত তেওঁ উল্লেখ কৰা অনুসৰি বিনিয়োগকাৰীক ৬০ টা কৰ্ম দিনৰ বাবে তেওঁ নূন্যতম ৩০ শতাংশ লাভাংশ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু এতিয়ালৈকে বিশাল ফুকনে বিনিয়োগকাৰীক মূলধন নহয়, লাভাংশৰহে কিছু অংশ ঘূৰাই দিছে(Dibrugarh Police Detain Bishal Phukan)।

তাৰোপৰি বিনিয়োগকাৰীৰ ধনেৰে তেওঁ নিজাকৈ চাৰিটা কোম্পানী খুলি বিনিয়োগ কৰাৰ লগতে বিলাসী জীৱন কটাইছে। মন গ’লেই কৰিছে বিদেশৰ বিলাস ভ্ৰমণ, ক্ৰয় কৰিছে এখনৰ পিছত এখনকৈ বিলাসী বাহন। আনকি পাতি লোৱা বায়েকৰ ডেষ্টিনেচন ৱেডিঙৰ নামতো বিশাল ফুকন নামৰ এই যুৱকজনে কোটি কোটি টকা খৰচ কৰা বুলিও চৰ্চা হৈছে।

লগতে পঢ়ক :Arunachali liquor seized in Dumduma : ডুমডুমাত জব্দ বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা