Drugs peddler arrested along with drugs : কৰিমগঞ্জত জব্দ ৩০ কোটি টকাৰ ইয়াবা টেবলেট
কৰিমগঞ্জ,২ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জতো চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্য়ৱসায় ।
কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযানত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী ।
বদৰপুৰৰ জলালপুৰ এলেকাত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৩০ কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰে । AS 01 DL 1510 নম্বৰৰ ক্ৰেটা বাহনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল ড্ৰাগছখিনি ।
গোপন সূত্ৰৰ পম খেদি বদৰপুৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ জলালপুৰত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে এই বৃহৎ সফলতা লাভ ।
জানিব পৰা মতে, অভিযানৰ সময়ত আৰক্ষীয়ে ১ লাখ ইয়াবা টেবলেট উদ্ধাৰ কৰে। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আশ্ৰফ আলী আব্দুল হান্নান, প্ৰদীপ দাস নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক । আটকাধীন সৰবৰাহকাৰী কেইজনৰ ঘৰ কাছাৰ জিলাৰ কাটিগাড়াত ।
জব্দকৃত টেবলেটখিনি মিজোৰামৰ পৰা পাথাৰকান্দিত লৈ সৰবৰাহৰ কৰাৰ পৰিকল্পনা কৰিছিল ।
লগতে পঢ়ক : Senior journalist Jayant Kumar Das passes away : জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান