Local, Vocal, Global

Tragic incident : দুই সন্তানক বুকুত বান্ধি ব্ৰহ্মপুত্ৰত জাপ দিলে এগৰাকী মাতৃয়ে;কিন্তু কিয় ?

নিউজ ডেস্ক,২ছেপ্তেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । এগৰাকী মাতৃয়ে দুই সন্তানক লগত লৈ জাপ দিলে ব্ৰহ্মপুত্ৰত ।

বৰবৰুৱাৰ বগীবিলত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বৰবৰুৱাৰ বগীবিলত এগৰাকী মাতৃয়ে দুই সন্তানক লগত লৈ চৰম পন্থা ল’লে । মাতৃ গৰাকীয়ে দুই সন্তানক লগত লৈ জাপ দিলে ব্ৰহ্মপুত্ৰৰ বুকুত ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও সন্ধান পোৱা নাই মাতৃ আৰু দুই সন্তানৰ(Tragic incident)।

জানিব পৰা মতে, ভাৰতীয় সেনাৰ GREFৰ হৈ লেকাবালিত কৰ্মৰত নাগনাথ উদগেৰে নামৰ জোৱানজনৰ পত্নী আছিল মহিলাগৰাকী। স্থানীয় লোকৰ মতে, দেওবাৰে সন্ধ্যাৰ কানিমুনি সময়তে মহিলাগৰাকীয়ে নিজৰ দুই সন্তানসহ ব্ৰহ্মপুত্ৰত জপিয়াই দিয়ে। এটি ৫ বছৰীয়া আৰু এটি ৭ বছৰীয়া সন্তান লৈ ব্ৰহ্মপুত্ৰত জাপ দিয়া মহিলাগৰাকীয়ে নৈৰ কাষত এৰি যোৱা সন্তান দুটিৰ আৰু তেওঁৰ তিনিযোৰ চেণ্ডেল, এটা বেগ আৰু মোবাইল উদ্ধাৰ কৰে আৰক্ষীয়ে(Assam Woman Jumps Off Bogibeel Bridge With Two Kids Into Brahmaputra River)।

ঘটনাৰ পাছত আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকীৰ স্বামী নাগনাথ উদগেৰক। উদগেৰেয়ে দুদিন পূৰ্বে পত্নীৰ সৈতে পাৰিবাৰিক কন্দল হৈছিল বুলি স্বীকাৰ কৰিছে। মহাৰাষ্ট্ৰৰ পৰিয়ালটো কৰ্মসূত্ৰে লেকাবালিতে থাকি লৈছিল। স্বামী নাগনাথ উদগেৰে জনোৱা মতে তেওঁৰ পত্নী ২০২৪ চনৰ পৰা তেওঁৰ লগত আছিল।

লগতে পঢ়ক : Telangana, Andhra Pradesh rain: তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত বানৰ সংহাৰী ৰূপ