Telangana, Andhra Pradesh rain: তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত বানৰ সংহাৰী ৰূপ
নেশ্যনেল ডেস্ক,২ছেপ্তেম্বৰ : ৰুষ্ট প্ৰকৃতিৰ ৰোষত তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত । তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত প্ৰৱল বৃষ্টিপাতৰ কৱলত। প্ৰৱল বৃষ্টিপাতৰ ফলত প্ৰায় স্তদ্ধ হৈ পৰিছে ৰাজ্য দুখনৰ স্বাভাৱিক জীৱন যাত্ৰা। ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা । ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিছে সকলো(Telangana, Andhra Pradesh rain)।
ইতিমধ্যে ৰাজ্য দুখনত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ভালেকেইটা অঞ্চল বানৰ কৱলত পৰিছে। বানৰ ৰাজ্য দুখৰ বিভিন্ন অঞ্চলত সংহাৰী ৰূপ লৈছে ।বানৰ ফলত কেইবাগৰাকী লোকে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে।
জানিব পৰা মতে, তেলেংগানাত এই পৰ্যন্ত ধাৰাসাৰ বৰষুণ আৰু বানৰ ফলত ৯ জন লোকৰ মৃত্যু হৈছে । ৰাজহ মন্ত্ৰী পি শ্ৰীনিবাস ৰেড্ডীয়ে এই তথ্য দিয়ে । তেওঁ কয় যে কেৱল ৱাৰেংগল জিলাতে ৫জন লোকৰ মৃত্যু হৈছে । জিলাখনৰ চিংগাৰেনী মণ্ডলৰ বানে পিতৃ-কন্যা গাড়ীৰ উটুৱাই নিয়ে । মণ্ডপল্লীত এখন দেৱাল ভাঙি মৃত্যু হয় এগৰাকী বৃদ্ধাৰ । তদৱৈ মণ্ডলৰ এজন লোকক বানে উটুৱাই নিয়ে । আনহাতে, খাম্মাম জিলাৰ বানত উটুৱাই নিলে দুজন লোক । সূৰ্যপেট জিলাৰ কোড্ডাত বানপানীত উদ্ধাৰ হৈছে দুটা মৃতদেহ ।
ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত দেওবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে এক জৰুৰী পৰ্যালোচনা বৈঠকত মিলিত হয় । বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ৰেড্ডীয়ে বানাক্ৰান্ত অঞ্চলৰ সাহায্য কামৰ পুনৰীক্ষণ কৰে । বৈঠকৰ সময়ত মুখ্যমন্ত্রী ৰেড্ডীয়ে সংশ্লিষ্ট বিষয়াসকলক আগন্তুক ২৪ ঘন্টা সজাগ হৈ থাকিবলৈ কয়৷ তেওঁ লগতে সোমবাৰে শিক্ষানুষ্ঠানত ছুটী ঘোষণা কৰাৰ নিৰ্দেশ দিয়ে । লগতে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, ৰাজহ, জলসিঞ্চন আৰু পৌৰ নিগমৰ বিষয়াসকলক বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্দেশ দিয়ে ।
আনহাতে বৰষুণৰ বাবে ৰাজ্য দুখনৰ ১৪০খন ৰে’লৰ চলাচল বাতিল কৰিছে বিভাগে। তাৰোপৰি সাল-সলনি কৰা হৈছে কেইবাখনো ৰে’লৰ পথ(140 trains cancelled, ten dead due to flood)।
উল্লেখযোগ্য যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি জৰুৰী বৈঠকৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : Thief terro in Guwahati : প্ৰাতঃ ভ্ৰমণলৈ যোৱা মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন