Local, Vocal, Global

KC Tyagi resigns as JD (U) chief spokesperson citing personal reasons : জেডিইউ ৰ জ্যেষ্ঠ নেতা কে চি ত্যাগীৰ পদত্যাগ

নিউজ ডেস্ক,১ছেপ্তেম্বৰ : জনতা দল (ইউনাইটেড)ৰ জ্যেষ্ঠ নেতা কে চি ত্যাগীৰ পদত্যাগ। ব্যক্তিগত কাৰণত দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পদৰ পৰা পদত্যাগ কৰিছে জ্যেষ্ঠ নেতাগৰাকীয়ে।

উল্লেখ্য যে, ত্যাগীৰ পদত্যাগৰ পিছতে ৰাজীৱ ৰঞ্জনক জেডিইউৰ নতুন ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছে। দেওবাৰে এই কথা জনালে দলৰ সাধাৰণ সম্পাদক আফাক আহমেদ খানে(KC Tyagi resigns as JD (U) chief spokesperson citing personal reasons)।

পোহৰলৈ অহা খবৰ অনুসৰি বিগত সময়ত তেঁও কেইবাবাৰো দলৰ নেতৃত্ব অথবা আন জ্যেষ্ঠ নেতাৰে পৰামৰ্শ নোলোৱাকৈ কেতবোৰ বিবৃতি প্ৰকাশ কৰিছিল। ইয়াৰ বাবেই সৃষ্টি হৈছিল দলৰ ভিতৰত অসন্তুষ্টিৰ।

অৱশ্যে কে চি ত্যাগীৰ পদত্যাগৰ আঁৰত আন বহু কাৰণ লুকাই আছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Lightning strike in Morigaon : মৰিগাঁৱত বজ্ৰ পৰি মৃত্যু এজনৰ