Road Accident in Chapar : মালবাহী বাহন আৰু হস্পিতালৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;থিতাতে নিহত এজন,আহত বহু কেইজন ৰোগী
চাপৰ,১ছেপ্তেম্বৰ : শোকাৱহ দুৰ্ঘটনা । থিতাতে নিহত এজন ।
চাপৰত ভয়ংকৰ দুৰ্ঘটনা। শনিবাৰে নিশা চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী চাৰিচকীয়া বাহন আৰু ধুবুৰী অভিমুখে অহা GNRC হস্পিতালৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ পিছতে চিকিৎসালয়ৰ বাহনখনে কাষতে থকা ৰিলায়েন্স ট্ৰেণ্ডচ শ্বপিং মোলত খুন্দিয়ায়।ফলত ৰিলায়েন্স ট্ৰেণ্ডচ শ্বপিং মোলৰ বিস্তৰ ক্ষয় ক্ষতি হয়(Road Accident in Chapar)।
ফলত দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় মালবাহী চাৰিচকীয়া বাহনখনৰ হেণ্ডিমেন আৰু গুৰুতৰভাৱে আহত হয় চালকজন লগতে ৰোগী কঢ়িয়াই অনা বাহনখনৰ বহু কেইজন ৰোগী । নিহত হেণ্ডিমেন জন চাপৰৰ খৰিদাগোসাই গাঁৱৰ শিৱজ্যোতি সিংহ বুলি জানিব পৰা গৈছে ।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে লগতে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন থানালৈ লৈ যায়(Road Accident in Chapar)।
লগতে পঢ়ক : Ripun bora resigns from Trinamool Congress:তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ ৰিপুণ বৰাৰ