Milk prices increased by Rs 3 per litre in assam : আজিৰে পৰা বৃদ্ধি পালে গাখীৰৰ দাম
নিউজ ডেস্ক,১ছেপ্তেম্বৰ : দেওবাৰৰ পৰা বৃদ্ধি পালে গাখীৰৰ দাম। দেওবাৰ অৰ্থাৎ ১ ছেপ্তেম্বৰৰ পৰা পুনৰ বৃদ্ধি হ’ল গাখীৰৰ দাম ।
গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ সিদ্ধান্ত মৰ্মে বৃদ্ধি পালে গাখীৰৰ দাম( Milk prices increased by Rs 3 per litre in assam)।
সিদ্ধান্ত অনুসৰি প্রতি লিটাৰ গাখীৰত বাঢ়িল ৩ টকাকৈ।এই দাম বৃদ্ধিৰ পিছত পাইকাৰী মূল্যত গাখীৰৰ দাম হ’লগৈ ৬৪.৪০ টকা। বৃদ্ধিৰ পূৰ্বে গাখীৰৰ মূল্য আছিল ৬১.৪০ টকা।
খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত ৩টকা বৃদ্ধিৰ লগে লগে ইয়াৰ দাম হ’লগৈ ৬৭ টকা। উল্লেখ্য যে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ দাম বৃদ্ধিৰ পাছতে বৃদ্ধি পালে গাখীৰৰ দাম।
লগতে পঢ়ক : Elephant calf rescued in Bihali : বিহালীত উদ্ধাৰ হাতী পোৱালি