Local, Vocal, Global

Elephant calf rescued in Bihali : বিহালীত উদ্ধাৰ হাতী পোৱালি

নিউজ ডেস্ক,১ছেপ্তেম্বৰ : বিহালীত উদ্ধাৰ হাতী পোৱালি । দেওবাৰে পুৱা বিহালীৰ ভীমদঙাত উদ্ধাৰ হয় হাতী পোৱালিটো ।

ধাৰণা অনুসৰি শনিবাৰে নিশা কাজিৰঙা ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল এটা হাতীৰ জাক(Elephant calf rescued in Bihali)।

হয়তো কোনো কাৰণত জাকটোৰ পৰা পোৱালি হাতীটো ভীমদঙা এলেকাত ৰৈ যায় ! অনুমান কৰা মতে ভীমদঙা এলেকাত উদ্ধাৰ হোৱা হাতী পোৱালিটোৰ বয়স প্ৰায় ৩ মাহ হ’ব।

ইতিমধ্যে বৰগাং বন বিভাগৰ লোক উপস্থিত হৈ হাতী পোৱালিটো উদ্ধাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে পঢ়ক : LPG Commercial Cylinder Prices Hike In Delhi From September 1 : আজিৰ পৰা বৃদ্ধি পালে ব্যৱসায়িক চিলিণ্ডাৰৰ দাম