Local, Vocal, Global

Drugs peddler arrested along with drugs : কৰিমগঞ্জত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,১ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্য়ৱসায় ।শনিবাৰে নিশা কৰিমগঞ্জত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।

অভিযানত জব্দ ১০ হাজাৰ য়াবা টেবলেট। চাৰগোলা বজাৰৰ পৰা জব্দ কৰে য়াবা টেবলেটখিনি। আৰক্ষীয়ে য়াবা টেবলেটসহ আটক কৰে এজন সৰবৰাহকাৰীক।

লগতে পঢ়ক : Liquor prices to decrease from Today : আজিৰে পৰা ৰাজ্যত কমিল বিলাতী সুৰাৰ দাম