Liquor prices to decrease from Today : আজিৰে পৰা ৰাজ্যত কমিল বিলাতী সুৰাৰ দাম
নিউজ ডেস্ক,১ছেপ্তেম্বৰ : আজিৰে পৰা ৰাজ্যত কমিল বিলাতী সুৰাৰ দাম। কেইবাটাও ব্ৰেণ্ডত হ্ৰাস কৰা হৈছে আবকাৰী শুল্ক। ৰাজ্যৰ আবকাৰী বিভাগে জাৰি কৰিছে সুৰাৰ নতুন নিৰিখ(Liquor prices to decrease from Today)।
৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস।
৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ৩৪ টকাকৈ হ্ৰাস।
জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰামত ১১৭ টকা হ্ৰাস পাইছে।
ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী, জিন আদিৰ দাম ১৪৪ টকা হ্ৰাস পাইছে।
LUXURY ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ১৬৬ টকা হ্ৰাস পাইছে।
LUXURY ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰ ৰামৰ দাম ১৬৬ টকা হ্ৰাস পাইছে।এলিগেণ্ট ব্ৰেণ্ডৰ ৫০০ৰ পৰা ৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ২১৪ টকা হ্ৰাস পাইছে(Liquor prices to decrease from Today)।
লগতে পঢ়ক : Road Accident in Sipajhar : দুখন মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ; আহত দুজন