Drugs peddler arrested along with drugs : তিনিচুকীয়াত বুজন পৰিমাণৰ হেৰ’ইনসহ আটক তিনি সৰবৰাহকাৰী
নিউজ ডেস্ক, ৩১আগষ্ট : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
শুকুৰবাৰে নিশা মাকুমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান । অভিযানত মাকুম আৰক্ষীয়ে দুখন বিলাসী বাহনৰ পৰা উদ্ধাৰ কৰে লাখ লাখ টকাৰ সন্দেহজনক হেৰ’ইন ৷ লগতে আৰক্ষীয়ে নগদ কেবা হাজাহ টকাসহ তিনিজন যুৱকক আটক কৰে(Drugs peddler arrested along with drugs)৷
এক বিশেষ সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশা তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ভাস্কৰজ্যোতি বৰুৱাৰ সহযোগত আৰক্ষীৰ এটা দলে অভিযান চলায় ৷ এই অভিযানৰ সময়তে মাকুম ট্ৰেফিক পইণ্টৰ সমীপত আৰক্ষীৰ দলটোৱে তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
ধৃত তিনি ব্যক্তিৰ পৰা আৰক্ষীয়ে ৮ টা চাবোনৰ বাকচত সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা হেৰ’ইনখিনিৰ ওজন প্ৰায় ৯৪.২৫ গ্ৰাম আৰু ইয়াৰ আন্তজাতিক বজাৰ মূল্য প্ৰায় ২০ লাখ টকা । হেৰ’ইনৰ লগতে ধৃত তিনি ব্যক্তিৰ পৰা আৰক্ষীয়ে নগদ ধন ৬০,০০০ টকাও জব্দ কৰিবলৈ সক্ষম হয় ৷
ধৃত তিনি সৰবৰাহকাৰীয়ে AS০৪E ৫৬৬৩ নম্বৰৰ এখন মাৰুটি চুজুকী চুইফ্ট ডিজায়াৰ আৰু AS২৩J০৯৭১ নম্বৰৰ এখন এষ্টীলো বাহনত ডিমাপুৰৰ পৰা মাকুমৰ দিশে আহি আছিল । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এই দুই বিলাসী বাহনো জব্দ কৰে৷ ধৃত লোককেইজন ক্ৰমে ডম্বৰু মৰাণ আৰু নৰোত্তম তামুলী আৰু লক্ষেশ্বৰ মৰাণ ৷
ডম্বৰু মৰাণ আৰু নৰোত্তম তামুলীৰ ঘৰ বৰডুমচাৰত আৰু লক্ষেশ্বৰ মৰাণৰ ঘৰ কাকপথাৰ কৈলাশপুৰত বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ৷ বৰ্তমান ধৃত তিনিও আৰক্ষীৰ জিম্মাত আছে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে তিনিওকে সোধপোচ অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Firing incident in Dibrugarh :পত্নীৰ সৈতে কাজিয়া কৰি থানালৈ গৈ চৰম পন্থাৰ লোৱাৰ চেষ্টা আৰক্ষীৰ