Local, Vocal, Global

Huge cache of ammunition seized in Manipur : মণিপুৰত অবৈধ মাৰণাস্ত্ৰসহ কে ৱাই কে এল ৰ এজন সদস্যক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,৩১আগষ্ট : পুনৰ অশান্ত জৰ্জৰ মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযান । সন্ত্ৰাসবাদী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান নিৰাপত্তা বাহিনীৰ।নিৰাপত্তা বাহিনীৰ অভিযানত পূৱ ইম্ফল জিলাৰ পৰা নিষিদ্ধ সংগঠন কে ৱাই কে এল ৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে বিষ্ণুপুৰ ,কাংপকপি আৰু পূৱ ইম্ফল জিলাৰ পৰা বুজণ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে ।

পূৱ ইম্ফল জিলাৰ লামফেলৰ পৰা গ্ৰেপ্তাৰ কৰা নিষিদ্ধ সংগঠনটোৰ সদস্যজনৰ নাম লাইশোম সুন্দৰ সিং (৩৮)(Huge cache of ammunition seized in Manipur)।

জানিব পৰা মতে, নিষিদ্ধ সংগঠনটোৰ সদস্যজন ধন দাবীৰ কামত জড়িত আছিল। ধৃত সদস্যজনৰ পৰা নিৰাপত্তা বাহিনীয়ে দুটা মোবাইল ফোন, নগদ ৩৬,৩২ টকা আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰে।

ইফালে, বিষ্ণুপুৰ জিলাসহ অন্যান্য স্থানত অভিযান চলাই মেগজিনসহ এটা এছ এল আৰ, এটা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল, সাতটা গ্ৰেনেড, দুটা টিউব লঞ্চাৰ, এটা চি্গল ব’ৰৰ গান, ছয়টা পম্পিৰ, ১৫টা সজীৱ গুলিসহ বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে(Huge cache of ammunition seized in Manipur)।

লগতে পঢ়ক : Woman goes missing : প্ৰাতঃভ্ৰমণলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন মহিলা