Family seeks repatriation of body of Bangladesh leader found dead in India : বাংলাদেশৰ প্ৰভাৱশালী নেতাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য
নিউজ ডেস্ক,৩১আগষ্ট : বাংলাদেশৰ প্ৰভাৱশালী নেতাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য। তথ্য অনুসৰি হত্যা কৰা হৈছিল আৱামী লীগৰ নেতা ইছহাক আলী খান পান্নাক। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নেতাজনক হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে । মৃত ইছহাকৰ দেহৰ বিভিন্ন স্থানত পোৱা গৈছে আঘাতৰ চিহ্ন ।
উল্লেখ্য যে, মেঘালয়ৰ উমকিয়াঙৰ পাহাৰত উদ্ধাৰ হৈছিল বাংলাদেশৰ প্ৰভাৱশালী নেতা ইছহাক আলী খান পান্না মৃতদেহ। মেঘালয় আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে সদৰী কৰিছিল এই কথা। মেঘালয় আৰক্ষীয়ে কয় যে ২৬ আগষ্টত পূব জয়ন্তীয়া পাহাৰৰ ডোনা ভোই গাঁৱত এখন তামোল বাগানৰ ভিতৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৱামী লীগৰ নেতাৰ মৃতদেহ। সেই অঞ্চলটো ভাৰত-বাংলাদেশ সীমান্তৰ পৰা ১.৫ কিলোমিটাৰ দূৰত অৱস্থিত। তেওঁৰ লগত পোৱা পাছপোৰ্টৰ দ্বাৰা মৃতদেহটো চিনাক্ত কৰা হয় বুলি সূত্ৰই প্ৰকাশ কৰে।
আৰক্ষীয়ে বিবৃতিযোগে কয়, আৰক্ষী থানাৰ সকলো আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয় খলিহৰিয়াতলৈ স্থানান্তৰ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছত মৃতদেহটো চিকিৎসালয়ৰ মৰ্গলৈ লৈ যোৱা হৈছে(Family seeks repatriation of body of Bangladesh leader found dead in India)।
এতিয়া ইছহাক আলী খান পান্নাৰ মৃতদেহক লৈ দোমোজাত পৰিছে মেঘালয় চৰকাৰ। শুকুৰবাৰে এই সন্দৰ্ভত অৱগত কৰি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টোন টিনচঙে কয়, ‘আমি উচ্চ-কৰ্তৃপক্ষ, বাংলাদেশ আৰু ভাৰতৰ উচ্চায়ুক্তসকলকো (মৃতদেহটো উদ্ধাৰ হোৱা বিষয়ে) অৱগত কৰিছোঁ আৰু এতিয়া আমি গৃহ মন্ত্ৰণালয়ৰ পৰা সঁহাৰিৰ অপেক্ষা কৰি আছোঁ আৰু সেই হিচাপতে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।’
লগতে পঢ়ক : Tiger terror in Kaliabor : কলিয়াবৰত ঢেঁকীয়াপতীয়াৰ আতংক