Local, Vocal, Global

বহিৰাগত ঠিকাদাৰৰ লুণ্ঠনৰাজ

মেৰাপানী,২৯আগষ্ট : নিম্নমানৰ কামেৰে বহিৰাগত ঠিকাদাৰে লুণ্ঠন চলোৱাৰ অভিযোগ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। গোলাঘাট মেৰাপানী সংযোগী পথত অসম শক্তি বিতৰণ কোম্পানীৰ অধীনত হিন্দুস্থান নামৰ প্ৰতিষ্ঠানতোৱে ষ্টীলৰ খুটা পোতাৰ নামত লুটিছে কোটি কোটি টকা।

আচঁনিৰ বিভাগীয় নক্সা অনুসৰি প্ৰতিটো খুটাৰ তলত এক বেগ চিমেণ্ট,শিল-বালি ব্যৱহাৰৰ বিপৰীতে চেণ্ড গ্ৰেভেলৰ চিমেণ্ট মিলাই নিম্নমানৰ কামেৰে লুণ্ঠন চলোৱাৰ অভিযোগ।

ইয়াৰ ওপৰিও টেক্টৰৰ ড্ৰিল মেচিনেৰে গাঁত খন্দাৰ ফলত গাতঁৰ ব্যাসাৰ্ধ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে গোলাঘাট মেৰাপানী সংযোগী পথত প্ৰায় ৫০ শতাংশ কাম এনেকৈয়ে সম্পাদন কৰাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিদ্যুতৰ খুটা পোতাৰ নামত সংঘটিত বহিঃৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ এই লুণ্ঠনৰ বিৰুদ্ধে শীঘ্ৰে তদন্তৰ দাবী জনাইছে সংগঠনটোৱে।

লগতে পঢ়ক : Road Accident in Boko : নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল বাহন