Police push back three Bangladeshi nationals on border says CM Himanta : বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ প্ৰচেষ্টা বিফল – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিউজ ডেস্ক,২৯আগষ্ট : বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ চেষ্টা । অসমৰ ভাৰত-বাংলাদেশ সীমান্তত অসমত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা তিনি বাংলাদেশী নাগৰিকক চিনাক্ত ।
বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত এক পোষ্টত জড়িয়তে কয়, “যিকোনো অনুপ্ৰৱেশৰ বিৰুদ্ধে আমাৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে আমাৰ চলিত নীতি অনুসৰি কৰিমগঞ্জ আৰক্ষীয়ে উল্লেখিত বাংলাদেশী নাগৰিকসকলক চিনাক্ত কৰে । ইয়াৰ পৰৱৰ্তী সময়ত তেওঁলোকক ঘূৰাই পঠাই দিয়ে ।”
মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি অসমত অনুপ্ৰৱেশ কৰিব খোজা বাংলাদেশী তিনিজন হৈছে জুবেইৰ শ্বেখ, জুৱেল শ্বেখ আৰু ৰুমা খাতুন ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৫ আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে কোনো হিন্দুৱে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰা নাই আৰু তেওঁলোকে তাত যুঁজ দি আছে ৷
“হিন্দুসকলে বাংলাদেশত যুঁজ দি আছে আৰু বাংলাদেশতে আছে । যোৱা মাহত, আমি এজনো হিন্দু ব্যক্তি চিনাক্ত কৰা নাই । কিন্তু আমি যোৱা মাহত ৩৫ জন মুছলমান অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছোঁ । আজিও মই টুইট কৰিছোঁ যে আমি কৰিমগঞ্জত দুজন লোকক গ্ৰেপ্তাৰ কৰি কালি নিশা তেওঁলোকক ঘূৰাই পঠাইছোঁ ।” শিলচৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়(Police push back three Bangladeshi nationals on border says CM Himanta)।
তেওঁ লগতে কয় যে বাংলাদেশৰ হিন্দু লোকসকলে অসমত প্ৰৱেশ কৰাৰ কোনো ৰেকৰ্ড নাই । “আমি তেওঁলোকক বাধা দিছিলোঁ আৰু ঘূৰাই পঠাইছোঁ । আৰু সৌভাগ্যক্ৰমে বা দুৰ্ভাগ্যবশতঃ এইটো উল্লেখ কৰিব লাগিব যে তেওঁলোক এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ, হিন্দু নহয় । হিন্দুসকলে তাত যুঁজ দি আছে আৰু কোনো হিন্দুৱে ভাৰতলৈ আহিবলৈ চেষ্টা কৰা নাই । হিন্দুসকলে কেৱল আমাৰ প্ৰধানমন্ত্ৰীক নিৰাপত্তা নিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ অনুৰোধ জনাইছে ।” মুখ্যমন্ত্ৰীয়ে কয় ।
উল্লেখ্য যে বাংলাদেশত সংঘটিত শেহতীয়া উত্তেজনা এতিয়াও শাম কটা নাই । এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে দেশখনত(Police push back three Bangladeshi nationals on border says CM Himanta)।
লগতে পঢ়ক : Food Poisoning Case : নন্দোৎসৱৰ প্ৰসাদ আৰু লাৰু খাই অসুস্থ শতাধিক লোক