Local, Vocal, Global

শান্তিৰ অসমত শান্তি ক’ত

নিউজ ডেস্ক,২৮আগষ্ট : শান্তিৰ অসমত শান্তি ক’ত । চাৰিওফালে কেৱল চিঞৰ বাখৰ । প্ৰতিবাদ মুখৰ হৈ পৰিছে শান্তিৰ অসমখন

প্ৰতিবাদ কৰা মহিলাৰ গালত চৰ । এইসকল মহিলা হৈছে শিলসাকোঁৰ উচ্ছেদিত পৰিয়াল। শান্তিৰে থকাৰ কাৰণে এডোখৰ মাটি বিচাৰি আজি ৰাজপথত ওলাই আহিছে অসমীয়া মহিলা। বিধানসভাৰ মুল গেটৰ সন্মুখত প্ৰতিবাদ কৰিছিল শিলসাকোঁৰ উচ্ছেদিত পৰিয়ালে। তাৰপাছত এনেদৰে প্ৰতিবাদকাৰী মহিলাক আৰক্ষীৰ চৰ।

শদিয়াৰ পৰা ধুবুৰী লৈকে সাধাৰণ জনতা ৰাজপথত ওলাই আহিছে। কি মহিলা,কি পুৰুষ,কি জেষ্ঠ্য সকলোৱে ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিব লগা হৈছে।

স্মাৰ্ট চৰকাৰ খনৰ স্মাৰ্ট মিটাৰ ।

আজি সাধাৰণ জনতাক ঘৰ এৰি প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে। তাৰপাছতো চৰকাৰৰ কোনো গুৰুত্ব নাই। ৰাইজে ওলাই আহি বাৰে বাৰে কৈছে স্মাৰ্ট মিটাৰ আমাক নালাগে । স্মাৰ্ট মিটাৰৰ স্মাৰ্ট বিলে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। কিন্তু ইমাবোৰ দেখিও আজি চৰকাৰ চকু মুদি আছে।

বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাই বিছাৰিছে স্মাৰ্ট মিটাৰৰ পৰা মুক্তি। কিন্তু চৰকাৰৰ মতে স্মাৰ্ট মিটাৰৰ কাৰণে কোনো ধৰণৰ বিদুত বিল অধিক হোৱা নাই। আজি সমগ্ৰ অসমত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ।

লগতে পঢ়ক : Mysterious Death of Assam Youth : কেৰালাত ৰহস্যজনকভাৱে মৃত্যু বটদ্ৰৱাৰ যুৱকৰ