Local, Vocal, Global

Mysterious Death of Assam Youth : কেৰালাত ৰহস্যজনকভাৱে মৃত্যু বটদ্ৰৱাৰ যুৱকৰ

নিউজ ডেস্ক,২৮আগষ্ট : পুনৰ বহি:ৰাজ্যত মৃত্য়ু অসমৰ যুৱকৰ ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Mysterious Death of Assam Youth)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Mysterious Death of Assam Youth) ।

কৰ্মসংস্থাপনৰ অভাৱত বহিঃৰাজ্যলৈ গৈ বহু অসমীয়া যুৱক-যুৱতী সন্ধানহীন হোৱাৰ ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা পৰিলক্ষিত হৈ আহিছে ৷

পুনৰ বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে বটদ্ৰৱাৰ ৰশিদুল হক নামৰ এজন যুৱকে। যুৱকজনৰ ঘৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ সত্ৰ গাঁৱত বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি দুই বন্ধুৰ সৈতে ৮ মাহৰ আগেয়ে ৰামপুৰ সত্ৰ গাঁৱৰ পৰা কেৰালাৰ তিৰুবনন্তপুৰম লৈ কামৰৰ বাবে গৈছিল ৰশিদুল। পেটৰ তাড়নাত দুখীয়া পৰিয়ালটোক দুবেলা দুমুঠি খুওৱাৰ উদ্দেশ্যে ৰছিদুল হক কাম বিচাৰি গৈছিল বহিঃ ৰাজ্যলৈ(Mysterious Death of Assam Youth)।

কিন্তু ৰহস্যজনক অৱস্থাত তিৰুবনন্তপুৰমত মঙলবাৰে শোৱাপাটীত উদ্ধাৰ হৈছে ৰছিদুল হকৰ মৃতদেহ। পুৱা ৰশিদুল হকৰ বন্ধু জমিৰ আলীয়ে এনে অৱস্থা প্ৰত্যক্ষ কৰি ফোনযোগে ঘৰৰ মানুহক অৱগত কৰে। যুৱকজনৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক : Protest Against Smart Meter : মঙলদৈত স্মার্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ