Chirang sexual assault case: চিদলীৰ কাণ্ডৰ অভিযুক্তক শাস্তি প্ৰদান দাবী দল সংগঠনৰ
নিউজ ডেস্ক,২৮আগষ্ট : অৱশেষত আৰক্ষীৰ জালত পৰিল বহিঃৰাজ্যত কৰ্মসংস্থান দিয়াৰ প্ৰলোভন দি দুগৰাকীকৈ নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত জহিৰউদ্দিন দেৱান।
মঙলবাৰে পুৱতি নিশা ২বজাত চিৰাং আৰক্ষীয়ে অভিযান চলাই নিউ বঙাইগাঁও ৰেলষ্টচনৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে লোকজন(Chirang sexual assault case) ।
উল্লেখ্য যে, চিদলী থানাৰ অন্তৰ্গত মোজাবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ পদত থকা জহিৰদ্দিন দেৱানৰ বিৰুদ্ধে কোচ-ৰাজবংশী জনগোষ্ঠীৰ দুগৰাকীকৈ নৱম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল । তাৰ পিছৰে পৰা পলাতক হৈ আছিল জহিৰদ্দিন দেৱান।
আৰক্ষী থানাত অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে অভিযুক্ত জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত সোমবাৰে বিভিন্ন কোচ-ৰাজবংশী জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত দুই শতাধিক মহিলাই চিদলী থানা ঘেৰাও কৰি আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। উত্তেজিত প্ৰতিবাদকাৰীসকলে অভিযুক্ত জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক ২৪ ঘন্টা অতিৰিক্ত সময় বান্ধি দিছিল অন্যথাই ৰাজপথ অৱৰোধ নাইবা চিৰাং জিলা বন্ধ ঘোষনাৰ সকিয়নী প্ৰদান কৰিছিল।
অৱশেষত মঙলবাৰে পুৱতি নিশা চিৰাং জিলা আৰক্ষীয়ে অভিযুক্ত জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰে।