Local, Vocal, Global

Nabanna Abhijan Rally : দেশজুৰি কলকাতা কাণ্ডক লৈ উত্তেজনা অব্যাহত থকাৰ মাজতে পুনৰ কলকাতাত ছাত্ৰ সমাজৰ বৃহৎ প্ৰতিবাদ

নেশ্যনেল ডেস্ক,২৭ আগষ্ট : দেশজুৰি অব্যাহত আছে কলকাতা কাণ্ডক লৈ উত্তেজনা । কলকাতাতো শিক্ষাৰ্থী আৰু বিভিন্ন দল-সংগঠনে অব্য়াহত ৰাখিছে প্ৰতিবাদ। তাৰ অংশ হিচাপে মঙলবাৰে চহৰখনৰ দুটাকৈ স্থানৰ পৰা বৃহৎ প্ৰতিবাদী সমদল উলিয়াই । মুখ্যমন্ত্ৰীৰ পদত্যাগৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবীত আয়োজন কৰা ‘নাবান্না অভিযান’ শীৰ্ষক এই প্ৰতিবাদী সমদলত শ শ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে(Nabanna Abhijan Rally)।

এই প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে । লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে । প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু পানী নিক্ষেপ কৰে । এনে পৰিস্থিতিত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয় ।প্ৰতিবাদকাৰীয়ে হাওৰাৰ সন্তৰাগাচীত বেৰিকেড ভাঙি পেলাই । এনে পৰিস্থিতিত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ লাঠি চালনা কৰিবলৈ বাধ্য হয়(BJP calls strike on Wednesday over police action)।

উল্লেখ্য যে, আৰজি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে এই প্ৰতিবাদৰ আহ্বান জনোৱা হৈছিল । প্ৰতিবাদকাৰীয়ে পশ্চিমবংগৰ সচিবালয় ঘেৰাও কৰাৰ উদ্দেশ্যে প্ৰতিবাদী সমদল উলিয়ায় ।

নাবান্না অভিযানৰ অংশ হিচাপে হাওৰাৰ সন্তৰাগাচী অঞ্চলত প্ৰথমে লোকসকল একত্ৰিত হয় । তাৰ পিচত পশ্চিমবংগৰ ৰাজধানীৰ কলেজ স্কোৱেৰৰ পৰা সমদলটো আৰম্ভ হয় । শিক্ষাৰ্থী আৰু সাধাৰণ নাগৰিকসকলে হাতত জাতীয় পতাকা লৈ সচিবালয়ৰ দিশে আগবাঢ়ে । একেদৰে পশ্চিমবংগ আৰক্ষীয়ে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট সংখ্যক জোৱান মোতায়েন কৰে।

ইয়াৰ মাজতে পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে ৰাজ্য চৰকাৰক বিশেষ আহ্বান জনায় । শান্তিপূৰ্ণ প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলক বাধা দিবলৈ ক্ষমতা ব্যৱহাৰ নকৰিবলৈ চৰকাৰক ৰাজ্যপালগৰাকীয়ে আহ্বান জনায়।তেওঁ ৰাজ্য চৰকাৰক উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথা সোঁৱৰাই দিয়ে আৰু কয় যে গণতন্ত্ৰই সংখ্যাগৰিষ্ঠলোকক নিৰৱ কৰিব নোৱাৰে(‘Nabanna Abhijan’ rallies begin in Kolkata, police on alert)।

কলকাতাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত সুপ্ৰতীম সৰকাৰে সোমবাৰে কয় যে তেওঁলোকে ২৭ আগষ্টত ‘নাবান্না অভিযান’ নামৰ এক ৰেলী অনুষ্ঠিত কৰাৰ বাবে ‘পশ্চিমবংগ ছাত্ৰ সমাজ’ৰ আবেদন নাকচ কৰিছে । তেওঁ কৈছিল যে আৰক্ষীয়ে তেওঁলোকৰ আবেদন নাকচ কৰিছিল কাৰণ গোটটোৱে আনুষ্ঠানিক অনুমতি বিচৰা নাছিল আৰু পৰ্যাপ্ত বিৱৰণ প্ৰদান কৰা নাছিল।

লগতে পঢ়ক : Uttarakhand accident : দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন;আহত ১৪গৰাকী