Chirang sexual assault case: অৱশেষত চিৰাং আৰক্ষীৰ জালত যৌন নিৰ্যাতনকাৰী জহিৰউদ্দিন দেৱান

নিউজ ডেস্ক,২৭আগষ্ট : অৱশেষত চিৰাং আৰক্ষীৰ জালত যৌন নিৰ্যাতনকাৰী জহিৰউদ্দিন দেৱান।
উল্লেখ্য যে, চিৰাঙৰ চিদলী এলেকাৰ দুগৰাকী কোচ-ৰাজবংশী জনগোষ্ঠীৰ নাবালিকা ছাত্ৰীক বহিঃৰাজ্যত কৰ্মসংস্থান দিয়াৰ প্ৰলোভনেৰে লৈ গৈছিল জহিৰউদ্দিন দেৱানে। ইয়াৰ পাছতেই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল জহিৰউদ্দিন দেৱানৰ বিৰুদ্ধে। তেতিয়াৰ পৰাই পলাতক আছিল মোজাবাৰী গাঁৱৰে গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰদ্দিন দেৱান(Chirang sexual assault case) ।
উল্লেখ্য যে ৰক্ষক হৈ ভক্ষকৰ ভূমিকা গ্ৰহণ কৰা এইজন গাঁওৰক্ষী বাহিনীৰ সভাপতি অভিযুক্ত জহিৰউদ্দিন দেৱানক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন কৰি দুই শতাধিক মহিলাই সোমবাৰে দিনটোত চিদলী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ।
লগতে পঢ়ক : Road Accident in Nagaon : তীব্ৰবেগী ট্ৰাকৰ খুন্দা বাইকত;নিহত এজন,আহত এজন