Dr Rabin Sarmah passed away : বিশিষ্ট শিক্ষাবিদ ড° ৰবীন শৰ্মাৰ দেহাৱসান

নিউজ ডেস্ক,২৭আগষ্ট : বিশিষ্ট শিক্ষাবিদ, গল্পকাৰ তথা দমদমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ৰবীন শৰ্মাৰ দেহাৱসান। সোমবাৰে সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় বিশিষ্ট শিক্ষাবিদগৰাকীৰ। মুনীন বৰকটকী বঁটাপ্ৰাপক সু-সাহিত্যিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৭ বছৰ। ড০ শৰ্মা গুৱাহাটীৰ কুমাৰপাৰাৰ ৰূপনগৰ নিৱাসী আছিল(Dr. Rabin Sarmah passed away)।
১৯৫৭ চনৰ ৬ জানুৱাৰীত জন্মগ্রহণ কৰা ড° শৰ্মাই ৬খন গল্প সংকলন, চাৰিখন প্ৰৱন্ধ সংকলন ৰচনা কৰিছিল। ৰাজ্য চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্রাপ্ত শৰ্মাৰ গল্পপুথিসমূহৰ অন্যতম হৈছে চং, মুখা, কথা ভগীৰথ, ৰংশিঙা-খংশিঙা আৰু পাঞ্চাৰ পাঁচালী।