Local, Vocal, Global

Road Accident in Kalgachia :মালবাহী ট্ৰাক আৰু পালছাৰ বাইকৰ মাজত মুখামুখী সংঘৰ্ষ; আহত অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱান

নিউজ ডেস্ক,২৭আগষ্ট : সোমবাৰে নিশা কলগাছিয়াৰ চৰিয়তপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা । ২নং বিকল্প ৰাজ্যিক ঘাইপথৰ চৰিয়তপুৰত সংঘটিত হয় এই ভয়াৱহ পথ দূৰ্ঘটনাটো।

জানিব পৰা মতে, AS 02CC 9950 নম্বৰৰ মালবাহী ট্ৰাক আৰু AS 01DW 7105 পালছাৰ বাইকৰ মাজত মুখামুখী সংঘৰ্ষ হয় । এই পথ দুৰ্ঘটনাত অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱান গুৰুতৰভাৱে আহত হয় । আহত আৰক্ষী জোৱানজন হৰিহৰ কলিতা বুলি জানিব পৰা গৈছে । অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱান হৰিহৰ কলিতাৰ ঘৰ বৰপেটাৰ ভৱানীপুৰত(Road Accident in Kalgachia)।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু লগে লগে ঘটনা স্থানীয় ৰাইজে হৰিহৰ কলিতাক সংকটজনক অৱস্থাত বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটাললৈ প্ৰেৰণ কৰে।

ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মালবাহী ট্ৰাক আৰু পালছাৰ বাইকখন জব্দ কৰি কলগাছিয়া আৰক্ষী থানাত লৈ যায় বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Road Accident in Morigaon : তীব্রবেগী বলেৰ’ বাহনৰ প্রচণ্ড খুন্দা বাইকত;আহত ৩জন