Local, Vocal, Global

Former WWE, WCW Champion Sid Vicious Passes Away : WWE আৰু WCWৰ প্ৰাক্তন চেম্পিয়ন ছিড ভিচিয়াছৰ মৃত্যু

নিউজ ডেস্ক,২৭ আগষ্ট : WWE আৰু WCWৰ প্ৰাক্তন চেম্পিয়ন ছিড ভিচিয়াছৰ মৃত্যু । দীৰ্ঘদিনীয়া কৰ্কট ৰোগৰ সৈতে যুঁজৰ অন্তত ৬৩ বছৰ বয়সত মৃত্যু হয় WWE আৰু WCWৰ প্ৰাক্তন চেম্পিয়ন ছিড ভিচিয়াছ, প্ৰকৃত নাম চিডনী ৰেমণ্ড ইউডি(Former WWE, WCW Champion Sid Vicious Passes Away)।

WWE আৰু WCWৰ প্ৰাক্তন চেম্পিয়নৰ মৃত্যুৰ খবৰটো তেওঁৰ পুত্ৰ গুনাৰ ইউডিয়ে ফেচবুকত এক আৱেগিক পোষ্টত শ্বেয়াৰ কৰিছে(Sycho Sid Dead, WWE Legend Sid Vicious Passes Away At Age 63)।

গুনাৰৰ আন্তৰিক বাৰ্তাত লিখে যে , “ইন মেম’ৰী অৱ মাই ফাদাৰ, চিড ইউডি। প্ৰিয় বন্ধু-বান্ধৱ আৰু পৰিয়াল, মই গভীৰভাৱে দুখ পাইছো যে মোৰ পিতৃ ছিড ইউডিয়ে কেইবাবছৰ ধৰি কেন্সাৰৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে । তেওঁ দয়া আৰু প্ৰেমৰ মানুহ । তেওঁৰ উপস্থিতি বহুত মিছ কৰিম।তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো ।”

লগতে পঢ়ক : Nagaon Fish Traders Indefinitely Halt Supply to Upper Assam : নগাঁৱৰ ব্যৱসায়ীয়ে উজনি অসমলৈ প্ৰেৰণ নকৰে মাছ