Drugs seized in kachar : কাছাৰত জব্দ ৩০কেজি গাঞ্জা
নিউজ ডেস্ক,২৬আগষ্ট : নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযানত কাছাৰ আৰক্ষীয়ে জব্দ কৰে ৩০কেজি গাঞ্জা ।
কাছাৰ জিলাৰ লক্ষীপুৰ আৰক্ষীয়ে মাৰকুলিঙত এখন অটোৰিক্সাত অভিযান চলাই জব্দ কৰে গাঞ্জা খিনি(Drugs seized in kachar)।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, মণিপুৰৰ পৰা কাছাৰৰ দিশে অহা AS11DC- 5148 নম্বৰৰ অটোৰিক্সাখনত তালাচী চলাই জব্দ কৰা হয় ৩০ কেজি মণিপুৰি গাঞ্জা। জব্দ কৰা গাঞ্জা খিনিৰ বজাৰত মূল্য প্ৰায় ১৫ লাখ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। নিষিদ্ধ গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে নেকবৰ হুছেইন লস্কৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক জনৰ ঘৰ কাছাৰৰ জিৰিঘাটত।
লগতে পঢ়ক : 20 who had converted to Christianity return to Hinduism : পুনৰ নিজ ধৰ্ম লৈ আহিছে জাগীৰোডৰ কেইবাটাও পৰিয়াল