Sensational incident : দলনী বিলত মাছ ধৰিবলৈ গৈ ৰহস্যজনক ভাৱে মৃত্যু পিতা-পুত্ৰৰ
নিউজ ডেস্ক,২৬আগষ্ট : জন্মাষ্টমীৰ দিনাই বঙাইগাঁও জিলাৰ যোগীঘোপাত শোকাৱহ ঘটনা।যোগীঘোপাত ৰহস্যজনক ভাৱে সলিল সমাধি ঘটিল পিতা-পুত্ৰৰ ।
বিলত মাছ ধৰিবলৈ যোৱাই যেন কাল হ’ল পিতা পুত্ৰৰ বাবে(Sensational incident)।
জানিব পৰা মতে,যোগীঘোপাৰ দলনী বিলত দেওবাৰে নিশা কুমাৰকাটা গাঁৱৰ সমীপত দলনী বিলত মাছ ধৰিবলৈ গৈছিল পিতা পুত্ৰই ।তাৰ পিছতে ঘৰলৈ উভতি নাহিলে পিতা-পুত্ৰই ।
গোটেই নিশা ঘৰলৈ উভতি নহাত হাহাকাৰ লাগে পৰিয়ালটোৰ। পুৱাই স্থানীয় একাংশ লোকে পিতা পুত্ৰক বিচাৰি সন্ধান চলায় বিলত। তাৰ পিছতে দলনী বিলত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পিতা পুত্ৰৰ মৃতদেহ(Sensational incident)।
লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে যোগীঘোপা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় মৃতদেহ দুটা উদ্ধাৰ কৰে।
মৃত পিতা-পুত্ৰ কুমাৰকাটা গাঁৱৰ পুৰেন চন্দ্ৰ দাস(৪৫) আৰু তেওঁৰ পুত্ৰ অংকুৰ দাস(২১) বুলি জানিব পৰা গৈছে ।
ইফালে নিশাই বিলৰ নৈশ পহৰাদাৰে বিলৰ পাৰত উদ্ধাৰ কৰিছিল টৰ্চ লাইট আৰু মাছ ধৰা সাঁজুলি ।
বৰ্তমান ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।