Congress veteran leader Vasant Chavan passes away :কংগ্ৰেছী সাংসদ বসন্তৰাও চাৱনৰ দেহাৱসান
নেশ্যনেল ডেস্ক,২৬আগষ্ট : কংগ্ৰেছী সাংসদ বসন্তৰাও চাৱনৰ দেহাৱসান। হায়দৰাবাদ চিকিৎসালয়ত দেহাৱসান ঘটে ৬৯ বছৰীয়া কংগ্ৰেছ নেতাজনৰ(Congress Nanded MP Vasantrao Chavan passes away)।
জানিব পৰা মতে, দীৰ্ঘদিনীয়া অসুস্থ হৈ আছিল নন্দদৰ সাংসদ বসন্তৰাও চাৱন। যোৱা কেইদিনমানৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ততাতৈয়াকৈ হায়দৰাবাদৰ কিমছ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু তেওঁৰ স্বাস্থ্য অধিক অৱনতি ঘটাত তেওঁ প্ৰাণ হেৰুৱাই।সোমবাৰে পুৱা ১১ বজাত নৈগাঁৱত তেওঁৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰা হয়।
কংগ্ৰেছী সাংসদ বসন্তৰাও চাৱনৰ মৃত্যুত মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা এক্সত এক বাৰ্তাৰ জড়িয়তে গভীৰ শোক প্ৰকাশ কৰে(Congress veteran leader Vasant Chavan passes away)।
লগতে পঢ়ক :Ration cards : অচিৰেই অন্ত পৰিব ৰেচন কাৰ্ডযোগে বিনামূলীয়া চাউল বিতৰণ ব্যৱস্থাৰ