Local, Vocal, Global

Pistol recovered from ten-year-old boy’s school bag : চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বেগত উদ্ধাৰ পিষ্টল

নেশ্যনেল ডেস্ক,২৫ আগষ্ট : চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বেগত উদ্ধাৰ পিষ্টল । তাৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য(Pistol recovered from ten-year-old boy’s school bag in Delhi)।

নতুন দিল্লীৰ দ্বাৰকাৰ নজফগড় অঞ্চলত ভয়ংকৰ ঘটনা । চতুৰ্থ শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থীৰ পৰা উদ্ধাৰ হয় এটা পিষ্টল । ছাত্ৰজনে স্কুল বেগত লুকুৱাই লৈ গৈছিল পিষ্টলটো । বিদ্যালয়ত সমনীয়াক দেখুৱাই থকাৰ সময়তে বিদ্যালয় কৰ্তৃপক্ষই পিষ্টলটো প্ৰত্যক্ষ কৰে । ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰজনক জেৰা চলাইছে আৰু পিষ্টলটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰো ব্যৱস্থা লোৱা হৈছে ।

দ্বাৰকা জিলাৰ উপ আৰক্ষী আয়ুক্ত অংকিত সিঙে জনোৱা অনুসৰি শনিবাৰে এগৰাকী ছাত্ৰই বিদ্যালয়লৈ পিষ্টল লৈ অহাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল । এই খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ ভিতৰচ’ৰাত খলকনিৰ সৃষ্টি হৈছিল । ততাতৈয়াকৈ আৰক্ষী বিদ্যালয়ত উপস্থিত হয় আৰু আৰক্ষীয়ে ছাত্ৰজনৰ পৰা পিষ্টলটো জব্দ কৰে(Delhi police recover pistol from school bag of 10-year-old boy in Najafgarh)।

আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰজনৰ পৰিয়ালৰ সদস্যসকলক সোধা-পোছাৰ কৰাৰ সময়ত জানিব পৰা গৈছে যে ছাত্ৰজনে অনা পিষ্টলটো পিতৃৰ আছিল । পিষ্টলটোৰ অনুজ্ঞাপত্ৰ আছিল । কিন্তু পিতৃৰ কেইমাহমান পূৰ্বে মৃত্যু হৈছিল । ঘৰত থকা পিষ্টলটো কোনেও লক্ষ্য কৰা নাছিল । শনিবাৰে ছাত্ৰজনে পিষ্টলটো মাতৃৰ পৰা লুকুৱাই আনি স্কুল বেগত ৰাখিছিল আৰু স্কুললৈ লৈ আহিছিল ।

উপ আৰক্ষী আয়ুক্তৰ মতে পিষ্টলটোৰ অনুজ্ঞাপত্ৰ বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । ছাত্ৰজনৰ লগতে তেওঁৰ মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলক সোধা-পোছা কৰি থকা হৈছে ।

লগতে পঢ়ক :NASA decides to keep astronauts Sunita Williams and Butch Wilmore in space until February : ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিব ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বেৰী বাচ্চ উইলমৰে