Sensational incident : এম্বুলেন্সৰ ভিতৰতে এগৰাকী ৰুগীয়া কিশোৰীক যৌন আতিশয্যৰ অভিযোগ ‘মৃত্যুঞ্জয় ১০৮’ চালকৰ বিৰুদ্ধে

নিউজ ডেস্ক,২৫আগষ্ট : ৰাজ্যত পুনত ধৰ্ষণকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য ঘটনাৰ। এইবাৰ ছিপাঝাৰত সংঘটিত হৈছে আন এক জঘন্য ঘটনাৰ।
বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড (Allegation of Harassments a sick girl in Ambulance Driver) । আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে।
কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা(Sensational incident)।
গাৰ নোম শিয়ৰি উঠা এক ঘটনা। ৰাজ্যজুৰি ধিঙৰ জঘন্য কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে অন্য এক ধৰ্ষণকাণ্ডৰ ঘটনা। এইবাৰ ছিপাঝাৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা।
দৰং জিলাৰ ছিপাঝাৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটোৰ। এম্বুলেন্সৰ ভিতৰতে এগৰাকী ৰুগীয়া কিশোৰীক যৌন আতিশয্যৰ অভিযোগ ‘মৃত্যুঞ্জয় ১০৮’ চালকৰ বিৰুদ্ধে।
খবৰ অনুসৰি, ঘটনা সংঘটিত হোৱাৰ সময়তে কিশোৰীগৰাকীৰ মাতৃয়ে প্ৰত্যক্ষ কৰাত কৌশলগতভাৱে পলায়ন কৰে চালকগৰাকীয়ে। ‘মৃত্যুঞ্জয় ১০৮’ৰ অভিযুক্ত চালকজনৰ নাম চামচুল হক বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ছিপাঝাৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত চামচুল হকক। সম্প্ৰতি ছিপাঝাৰ আৰক্ষীৰ জিম্মাত ধৃত চামচুল হক। ইফালে উক্ত ঘটনাত জড়িত চামচুল হকৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই।