Telegram CEO Pavel Durov arrested at French airport : মেচেজিং এপ টেলিগ্ৰামৰ CEO পাভেল ডুৰভক গ্ৰেপ্তাৰ
নিউজ ডেস্ক,২৫আগষ্ট : মেচেজিং এপ টেলিগ্ৰামৰ CEO পাভেল ডুৰভক গ্ৰেপ্তাৰ । ফ্ৰান্সৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাভেল ডুৰভক। ব্যক্তিগত বিমানেৰে যাত্ৰা কৰাৰ সময়ত ফ্ৰান্সৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে পাভেলক(Telegram CEO Pavel Durov arrested at French airport)।
শেহতীয়াকৈ টেলিগ্ৰাম মেছেজিং এপত অপৰাধজনীত ঘটনা বৃদ্ধি পোৱাৰ এক তথ্য পোহৰলৈ আহিছিল৷ যাৰ বাবে টেলিগ্ৰামৰ মডাৰেটৰ বিষয় সন্দৰ্ভত তদন্ত কৰিবলৈ গ্ৰেপ্তাৰ কৰা হয় পাভেল ডুৰভক৷ পেৰিছ আৰক্ষীৰ জিম্মাত থকা ডুৰভৰ বিৰুদ্ধে আছে বহু কেইটা গুৰুতৰ অভিযোগ।
উল্লেখ্য যে , ৰাছিয়া, ইউক্ৰেইন আৰু ইয়াৰ দাঁতিকাষৰীয়া দেশসমূহত টেলিগ্ৰাম যথেষ্ট জনপ্ৰিয়। এই এপৰ জৰিয়তে যথেষ্ট অপৰাধমূলক কাৰ্য সংঘটিত হোৱাৰ অভিযোগ আছে। টেলিগ্ৰামৰ জৰিয়তেই এই দেশসমূহত অপৰাধে নতুন ৰূপ লোৱাৰো অভিযোগ আছে। আনকি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত টেলিগ্ৰামেও সাৰপানী যোগান ধৰি আহিছে বুলি বিশ্লেষকসকলে অভিযোগ কৰিছে।
দুয়োখন দেশৰ যুদ্ধৰ তথ্যৰ মুখ্য উৎস হৈ পৰিছে টেলিগ্ৰাম। এই এপ মস্কো আৰু কিভৰ শীৰ্ষ বিষয়াসকলেও যথেষ্ট ব্যৱহাৰ কৰি আহিছে। একাংশৰ মতে টেলিগ্ৰাম ৰাছিয়া আৰু ইউক্ৰেইনৰ এক ভাৰ্ছুলেল যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে(Telegram app founder Pavel Durov reportedly arrested at French airport)।
লগতে পঢ়ক : Hezbollah retaliates against Israel with drone and rocket barrage :ইজৰাইলৰ সামৰিক বাহিনীৰ আক্ৰমণ লেবাননত