Local, Vocal, Global

Centre Approves Unified Pension Scheme :কেন্দ্ৰই আৰম্ভ কৰিলে নতুন পেঞ্চন আঁচনি

নিউজ ডেস্ক,২৫আগষ্ট : কেন্দ্ৰই আৰম্ভ কৰিলে নতুন পেঞ্চন আঁচনি। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে শুভাৰম্ভ কৰিলে ইউনিফাইড পেঞ্চন আঁচনি। এই আঁচনিৰ জড়িয়তে লাভালাভ হ’ব ২৩ লাখ কৰ্মচাৰী(Centre Approves Unified Pension Scheme)।

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন আঁচনিৰ বাবে অনুমোদন জনোৱাৰ কথা উল্লেখ কৰে।

উক্ত বৈঠকত ২০২৫ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ইউনাইটেড পেঞ্চন আঁচনি বলবৎ হোৱাৰ কথা জানিবলৈ দিয়ে।

ইফালে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২৩ লাখ কৰ্মচাৰী ইউনিফাইড পেঞ্চন আঁচনিৰ দ্বাৰা উপকৃত হ’ব(To Benefit 23 Lakh Govt Employees)। আজি কেন্দ্ৰীয় কেবিনেটে নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰা চৰকাৰী কৰ্মচাৰীৰ বাবে ইউ পি এছত অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা ২৩ লাখ কৰ্মচাৰী উপকৃত হ’ব বুলি মন্তব্য কৰে(Centre approves Unified Pension Scheme) ৷

লগতে পঢ়ক : Road Accident in Morigaon : শোকাৱহ দুৰ্ঘটনা,নিহত ১জন