Rahul Gandhi visits Srinagar’s famous restaurant : কাশ্মীৰত ৰম্পৰাগত ৱাজৱান আৰু আইচক্ৰীমৰ জুতি ল’লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে
নিউজ ডেস্ক,২২আগষ্ট : জম্মু-কাশ্মীৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী । সমাগত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে নেচনেল কনফাৰেন্সৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতাৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত উপস্থিত কংগ্ৰেছ নেতাগৰাকীয়ে।
জম্মু-কাশ্মীৰৰ উপস্থিত হৈ কংগ্ৰেছ নেতাগৰাকীয়ে বুধবাৰে সন্ধিয়া শ্ৰীনগৰৰ এখন বিখ্যাত হোটেলত জনপ্ৰিয় কাশ্মীৰী ৱাজৱান উপভোগ কৰে ।
বুধবাৰে ৰাহুল গান্ধীয়ে শ্ৰীনগৰলৈ অহাৰ পিচতে শ্ৰীনগৰৰ গুপকাৰ ৰোডৰ এখন ব্যক্তিগত বিলাসী হোটেলত নিশা আশ্ৰয় লয় । নিৰাপত্তা আৰু তেওঁৰ সৈতে যোৱা তেওঁৰ দলৰ সহকৰ্মীসকলক আচৰিত কৰি ৰাহুলে লালচকৰ সমীপৰ ৰেচিডেন্সী ৰোডলৈ ভ্ৰমণৰ কৰে য’ত তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰে আৰু আহদুছ হোটেল আৰু ৰেষ্টুৰেণ্টত কাশ্মীৰী ৱাজৱানৰ জুতি লয়(Rahul Gandhi visits Srinagar’s famous restaurant)।
হোটেলৰ মেনেজাৰ আব্দুল হামিদে সংবাদ মাধ্যমক অৱগত কৰে,”ৰাহুল গান্ধীয়ে পৰম্পৰাগত কাশ্মীৰী ৱাজৱান ‘ট্ৰামী’ৰ অৰ্ডাৰ দিছিল । ট্ৰামীত পৰম্পৰাগত ৱাজৱান ব্যঞ্জন আছিল যেনে মিথি মাজ, তাবাক মাজ, কাবাব আৰু চিকেন । তাৰ পিচত তেওঁক ৰিষ্টা, ৰোগান জোছ আৰু শেষত গোষ্টাবা পৰিৱেশন কৰোৱা হয় । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও তেওঁৰ সৈতে আছিল । তেওঁ নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল ।”
ইফালে হোটেললৈ উভতি যোৱাৰ পূৰ্বে ৰাহুল গান্ধীয়ে লাল চকৰ সমীপৰ প্ৰেছ এনক্লেভৰ স্থানীয় আইচক্ৰীম পাৰ্লাৰ এৰিনাত আইচক্ৰীমৰ সোৱাদ লয় । ৰাহুল গান্ধীয়ে হোটেল আৰু আইচক্ৰীম পাৰ্লাৰত বিভিন্নজনক সাক্ষাৎ কৰে । সেই সাক্ষাতৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে । ভিডিঅ’টোত এগৰাকী লোকে ৰাহুল গান্ধীক কোৱা দেখা গৈছে, “আপুনি নিস্বাৰ্থভাৱে যি কৰি আছে সেয়া কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ ।” এগৰাকী ব্যক্তিক আনকি আইচক্ৰীম পাৰ্লাৰত ৰাহুল গান্ধীৰ কাষত বহি থকাৰ সময়ত তেওঁৰ হাতত চুম্বন কৰাও দেখা গৈছে(Rahul Gandhi visits Srinagar eatery for dinner, relishes ice cream at parlour in Lal Chowk)।
লগতে পঢ়ক : Counter terrorism operations in Delhi :দিল্লী আৰক্ষীৰ বৃহৎ অভিযান;অভিযানত আটক ৮ গৰাকী সন্দেহজনক লোকক