Stormy start to Assam Assembly’s autumn session : অধিৱেশৰ প্ৰথম দিনাই উত্তাল সদন
নিউজ ডেস্ক,২২আগষ্ট : আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন । অধিৱেশৰ প্ৰথম দিনাই উত্তাল সদন ।
স্মাৰ্টমিটাৰ প্ৰসংগ আৰু শিৱসাগৰত অসমীয়া যুৱতীক অনা অসমীয়াই অশালীন ব্যৱহাৰৰ প্ৰসংগক লৈ উত্তাল অসম বিধানসভাৰ মজিয়া।
ইফালে বিৰোধীয়ে শিৱসাগৰ ঘটনাটোক লৈ সদনত পৃথক আলোচনাৰ আহ্বান কৰিছিল লগতে স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ সভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল। অধ্যক্ষই এই প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পাছতে বিৰোধীয়ে প্ৰতিবাদ কৰি ত্যাগ কৰে সদন(Stormy start to Assam Assembly’s autumn session)।
উল্লেখ্য যে, পুৱাৰ ভাগত অধিৱেশৰ আৰম্ভ হোৱাৰ পূৰ্বে হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভাৰ চৌহদত উপস্থিত হয় অখিল গগৈ। লগতে সংবাদমাধ্যমৰ আগত স্মাৰ্ট মিটাৰৰ বাবে কিমান নিৰিখ বৃদ্ধি পাইছে তাৰ সন্দৰ্ভতো বিৱৰণ দাঙি ধৰে।
আনফালে বিধানসভাৰ মজিয়াত স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ বিৰোধীয়ে উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ সময়তে মন্ত্ৰী পীয়ুষ হাজৰিকাই মন্ত্ৰী-বিধায়কসকলৰ ঘৰতো স্মাৰ্ট মিটাৰ লগোৱা হব বুলি মন্তব্য প্ৰকাশ কৰে। মাটি কিনা-বেচাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতাৰে বিধায়ক আমিনুল ইছলামেও আনিছিল সভা স্থগিতৰ প্ৰস্তাৱ। কিন্তু বিৰোধীৰ এই আটাইকেইটা প্ৰস্তাৱ অগ্ৰাহ্য কৰে অধ্যক্ষই।
লগতে পঢ়ক : Sensational Incident : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি