Local, Vocal, Global

Nani Gopal Mahanta Takes Charge as New Vice-Chancellor of Gauhati University :আজি আনুষ্ঠানিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিলে ড০ ননীগোপাল মহন্তই

নিউজ ডেস্ক,২১আগষ্ট : আজি আনুষ্ঠানিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিলে ড০ ননীগোপাল মহন্তই। ২০ আগষ্টত প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল শেষ হোৱাৰ পাছত আজি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰে ড০ ননীগোপাল মহন্তই। উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ পৰা আৰ্শীবাদ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ভাৰ গ্ৰহণ কৰিলে ননীগোপাল মহন্তই।

বুধবাৰে পুৱাৰ ভাগতে বিশ্ববিদ্যালয়ত উপস্থিত হৈ উপাচাৰ্যৰ দায়িত্ব আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে ড০ মহন্তই।উল্লেখ্য যে, ড৹ ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিল । মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ৰূপেও মহন্তই কাৰ্যনিৰ্বাহ কৰিছিল । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা পদ ত্যাগ কৰিছিল ড৹ ননীগোপাল মহন্তই(Nani Gopal Mahanta Takes Charge as New Vice-Chancellor of Gauhati University) ।

ড° ননীগোপাল মহন্ত শিৱসাগৰ জিলাৰ খাটপাৰ সত্ৰৰ প্ৰয়াত লীলা মহন্ত আৰু ড° নিৰুপমা মহন্তৰ চতুৰ্থ পুত্ৰ। কোঁৱৰপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিগবৈৰ বিবেকানন্দত শিক্ষাগ্ৰহণ কৰিছিল ননীগোপাল মহন্তই। পৰৱৰ্তী সময়ত কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অতি সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল(Nani Gopal Mahanta Takes Charge as New Vice-Chancellor of Gauhati University)।

দিল্লীৰ পৰা আহি ননীগোপাল মহন্তই প্ৰথমে কটন কলেজত ৰাজনীতি বিজ্ঞানত অধ্যাপনা আৰম্ভ কৰি পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে।

লগতে পঢ়ক :Auto Driver Flashes Private Part To College Girl : অটোৰ ভিতৰত ছাত্ৰীক শ্লীলতাহানিৰ চেষ্টা অটো চালকৰ