AAMSU Protest in Lakhimpur : লখিমপুৰত আমছুৰ প্ৰতিবাদ; স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰোধিতা সৰৱ আমছু

নিউজ ডেস্ক,২০আগষ্ট : সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ প্ৰতিবাদ।মঙলবাৰে কেন্দ্রীয় সমিতিৰ নিৰ্দেশ ক্ৰমে ৰাজ্যজুৰি বিভিন্ন দাবীৰ সমৰ্থনত সংগঠনটোৰ জিলা সমিতিসমূহে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যৰ আন জিলাৰ সমান্তৰাকৈ লখিমপুৰতো আমছুৰ জিলা সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে(AAMSU Protest in Lakhimpur) ।
প্ৰতিবাদকাৰীসকলে ‘স্মাৰ্ট মিটাৰ বন্ধ কৰক’,’শক্তিমন্ত্রী নন্দিতা গাৰ্লোচা হায় হায়’, ‘জাহাংগীৰ হত্যাৰ বিচাৰ লাগে’ আদি শ্লোগান দিয় প্ৰতিবাদ সাব্যস্ত কৰে ।
অৱস্থানস্থলীত আমছুৰ জিলা সভাপতি জিয়াউল ইছলামে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কয়,” দৰিদ্ৰ লোকক মাধমাৰ সোধোৱা স্মাৰ্ট মিটাৰ বিদ্যুৎ বিভাগে বন্ধ কৰক। স্মাৰ্ট মিটাৰৰ সলনি পুৰণি মিটাৰৰ প্ৰৱৰ্তন কৰক । সংখ্যালঘু অধ্যূষিত অঞ্চলৰ সৰ্বাংগীন বিকাশত চৰকাৰে গুৰুত্ব দিয়ক। কিবা এটা সমস্যা হ’লেই সংখ্যালঘু সকলক লক্ষ্য কৰি চৰকাৰখনে ইচ্ছ্যু সলনি কৰে । চৰকাৰে সংখ্যালঘুক এনেদৰে বলিৰ পঠা সজোৱা বন্ধ কৰক।”
আমছুৰ জিলা সভাপতিগৰাকীয়ে জাহাংগীৰ হুছেইনৰ হত্যাৰ প্ৰসংগ উত্থাপন কৰি কয়, “ঢকুৱাখনাৰ সুনীল গগৈৰ কাণ্ডত মৃত্যু হোৱা জাহাংগীৰ হুছেইনৰ হত্যাকাৰীৰ আজিও সন্ধান নোলাল। এয়া গৃহ বিভাগৰ চৰম ব্যৰ্থতা ।” অতি শীঘ্ৰে চৰকাৰে জাহাংগীৰৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰো তেওঁ দাবী উত্থাপন কৰে । আমছুৰ এই দাবীসমূহ সোনকালে মানি লৈ সমাধান নকৰিলে ৰাইজৰ সহযোগত সংগঠনটোৱে জংগী আন্দোলন আৰম্ভ কৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে(AAMSU Protest in Lakhimpur) ।
এই ধৰ্মঘটৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে আমছুৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এনে দাবী সমূহ পূৰণৰ হকে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । এই অৱস্থান ধৰ্মঘটত আমছুৰ জিলা সমিতিৰ সম্পাদক আলাউদ্দিন খিলিজী, মইনুল ইছলাম আদিৰ লগতে অৰ্ধ শতাধিক কৰ্মীয়ে অংশগ্রহণ কৰে ।
লগতে পঢ়ক : Fake currency notes recovered in Lakhimpur :বিতৰ্কিত মহিলা হাছিনাৰ সহযোগীৰ ঘৰৰ পৰা উদ্ধাৰ জালনোট