Local, Vocal, Global

Bengal governor meets President, Vice-President amid stir over Kolkata horror : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰক সাক্ষাৎ পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৰ

নিউজ ডেস্ক,২০আগষ্ট : মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰক সাক্ষাৎ পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৰ ।জানিব পৰা মতে, বসুৱে সন্ধিয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে(Bengal governor meets President, Vice-President amid stir over Kolkata horror)।

ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিসকলৰ এখন জৰুৰী বৈঠকৰ আহ্বান জনাইছিল যাতে তেওঁলোকক গোচৰটোত লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰিব পৰা যায় । প্ৰাক্তন ক্ৰিকেটাৰ তথা আম আদমি পাৰ্টীৰ (আপ) ৰাজ্যসভাৰ সদস্য হৰভজন সিঙৰ এখন পত্ৰৰ পিছতে তেওঁ এই পদক্ষেপ লৈছিল । প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজ্যসভাৰ সদস্যগৰাকীয়ে ভুক্তভোগীৰ ন্যায়ত পলম হোৱাক লৈ গভীৰ ক্ষোভ প্ৰকাশ কৰিছিল ।

ৰাজ্যপাল বসুৱে কয়, “পশ্চিমবংগত গণতন্ত্ৰ স্তব্ধ হৈছে । এনেকৈ চলিব নোৱাৰে । মই মহিলাসকলক সুৰক্ষা দিবলৈ সামূহিক পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছো । আজি আমি আমাৰ কন্যা, ভগ্নীসকলক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি ল’ব লাগিব ।” ৰাজ্যপালগৰাকীয়ে বৃহস্পতিবাৰে ঘটনা সংঘটিত হোৱা আৰ জি কৰ চিকিৎসালয়খন পৰিদৰ্শন কৰি প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকক দ্ৰুত ন্যায়ৰ আশ্বাস দিয়ে।

লগতে পঢ়ক : Modi pays tributes to former PM Rajiv Gandhi on 80th birth anniversary : ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ