Modi pays tributes to former PM Rajiv Gandhi on 80th birth anniversary : ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক,২০আগষ্ট : আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মজয়ন্তী। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মজয়ন্তী উপলক্ষে দেশবাসীয়ে সদ্ভাৱনা দিৱস উদযাপন কৰিছে(Rajiv Gandhi’s Birth Anniversary)। দিল্লীৰ বীৰ ভূমিত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সমাধিত পুষ্পাঞ্জলি জ্ঞাপন কৰে পুত্ৰ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
ৰাহুল গান্ধীৰ লগত উপস্থিত থাকে প্ৰিয়ংকা গান্ধী,ৰ’বাৰ্ট বট্ৰা আৰু তেওঁলোকৰ পুত্ৰ। সপৰিয়ালে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।পৰিয়ালৰ লগতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলী জনায়(PM Modi Pays Tribute To Former PM Rajiv Gandhi On His Birth Anniversary)।
কংগ্ৰেছ নেতাসকলৰ উপৰিও দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সদ্ভাৱনা দিৱস উপলক্ষে প্ৰয়াত ৰাজীৱ গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাইছে ৷
সামাজিক মাধ্যম X যোগে এটা পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি’’ ৷
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ অভূতপূৰ্ব অৱদানেৰে ভাৰতক একবিংশ শতিকালৈ আনিলে ।
“আজি দেশত সদ্ভাৱনা দিৱস উদযাপন কৰা হৈছে । প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ভাৰতৰ এগৰাকী মহান সন্তান আছিল । তেওঁ কোটি কোটি ভাৰতীয়ৰ মাজত আশাৰ কিৰণ উজলাইছিল আৰু তেওঁৰ অভূতপূৰ্ব অৱদানেৰে ভাৰতক একবিংশ শতিকালৈ লৈ আহিছিল ।” X ত খাৰ্গে পোষ্ট কৰি কয় ৷
লগতে পঢ়ক :Youth body found on Roadside in Jorhat : ৰহস্যজনক অৱস্থাত ৰাস্তাৰ কাষতে উদ্ধাৰ যুৱকৰ মৃতদেহ