Local, Vocal, Global

Man allegedly kills wife : ঘৰুৱা কন্দলৰ ভয়ংকৰ পৰিণতি;কাঠৰ লাখুটিৰে মৰিয়াই মৰিয়াই হত্যা পত্নীক

ধিং,২০আগষ্ট : হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড(Man allegedly kills wife)।

এইবাৰ পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে হত্যা কৰিলে পত্নীক। কাঠৰ লাখটিৰে মৰিয়াই মৰিয়াই হত্যা পত্নীক।

নগাঁৱত চাঞ্চল‍্যকৰ ঘটনা । নগাঁৱ জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত আলিটাঙনীত মঙলবাৰে পুৱা এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, আলিটাঙনী গাঁৱৰ শ্বহীদুল ইছলামৰ পত্নী ফাতিমা খাতুন (৩৭)ৰ লগত স্বামী শ্বহীদুল ইছলামে ৰাতি কাজিয়াত লিপ্ত হৈছিল।কাজিয়া ইমানে ভয়ংকৰ আছিল যে পত্নী ফাতিমা খাতুনক পুৱা বিছনাত শুই থকা অৱস্থাতে স্বামী শ্বহীদুল ইছলামে এখন কাঠৰ লাখটিৰে মৰিয়াই মৰিয়াই হত্যা কৰে ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে।

লগতে পঢ়ক : One Man jumping into Brahmaputra river : ব্ৰহ্মপুত্ৰত জপিয়াই সন্ধানহীন এজন লোক