Local, Vocal, Global

Veer Lachit Sena Leader Shrinkhal Chaliha : অৱশেষত গৌৰৱ ছুমানিয়ে উঠাই ল’লে শৃংখল চহিলাৰ বিৰুদ্ধে দিয়া এজাহাৰ

নিউজ ডেস্ক,২০আগষ্ট : অৱশেষত শৃংখল চহিলাৰ বিৰুদ্ধে এজাহাৰ উঠাই ল’লে গৌৰৱ ছুমানিয়ে। নিষিদ্ধ ঘোষিত সংগঠনৰ ভাবুকিৰ পিছতে গোচৰ প্ৰত্যাহাৰ কৰে গৌৰৱ ছুমানিয়ে।

উল্লেখ্য যে, মাৰোৱাৰী, ভোজপুৰী, বেংগলী সম্প্ৰদায়ক লৈ দৃষ্টিকটু আৰু ভাবুকিপূৰ্ণ মন্তব্য কৰাৰ অভিযোগত শৃংখল চলিহাৰ বিৰুদ্ধে দেওবাৰে দিছপুৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গৌৰৱ ছুমানিয়ে। কিন্তু আজি গৌৰৱ ছুমানিয়ে প্ৰত্যাহাৰ কৰে এজাহাৰ। ইতিমধ্যে গৌৰৱ ছুমানিয়ে দাখিল কৰা গোচৰটো শিৱসাগৰলৈ ZERO FIR পদ্ধতিৰে স্থানান্তৰো কৰিছিল দিছপুৰ আৰক্ষীয়ে(Veer Lachit Sena Leader Shrinkhal Chaliha)।

ইফালে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰ থানাত গৌৰৱ ছুমানি নামৰ লোকজনে দিয়া এজাহাৰ উঠাই নোলোৱা পৰ্যন্ত শিৱাসাগৰত থকা বহিৰাগতৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ দাবী জনাইছিল শিৱসাগৰৰ দল-সংগঠনে।

লগতে পঢ়ক :Rajiv Gandhi’s Birth Anniversary: প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সমাধিত পুষ্পাঞ্জলি জ্ঞাপন ৰাহুল গান্ধীৰ