Local, Vocal, Global

Tensions erupt at GMCH : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক প্ৰহাৰ

নিউজ ডেস্ক,২০আগষ্ট : কলকাতাৰ আৰ জি কৰ কাণ্ডই দেশ জোকাৰি থকাৰ সময়তে পুনৰ আন এক ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক প্ৰহাৰ ।

এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উত্তপ্ত পৰিস্থিতি । চেলগেৰীয়া এ চাংমা নামৰ যুৱকজনৰ মৃ্ত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। সঠিক চিকিৎসাৰ অভাৱত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপনৰ পৰিয়ালৰ লোকৰ। তাৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। চিকিৎসা অবিহনেই GMCHত বহু সময় পৰি থকাৰো অভিযোগ উত্থাপন কৰিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে(Tensions erupt at GMCH, family alleges neglect in patient’s death)।

উল্লেখ্য যে , দেওবাৰে নিশা মহানগৰীৰ চূণচালিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। বালি ভৰ্তি ডাম্পাৰ আৰু বুলেটৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল। সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছিল দুজন যুৱক।আহত যুৱকদুজন শিলপুখুৰীৰ চেলগেৰীয়া এ চাংমা আৰু পৰিমল ৰায় । আহত যুৱক দুজনত নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰি পুৱতি নিশা GMCHত ভৰ্তি কৰাই। চিকিৎসাধীন অৱস্থাতেই মত্যু হৈছিল চেলগেৰীয়া এ চাংমাৰ।

তাৰ পিছতে যুৱকৰ মৃ্ত্যুক কেন্দ্ৰ কৰি নিশা হাস্পতালখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । সঠিক চিকিৎসাৰ অভাৱত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে মৃতকৰ পৰিয়ালে। চিকিৎসা অবিহনেই GMCHত বহু সময় পৰি থকাৰো অভিযোগ কৰিছে মৃত চেলগেৰীয়া এ চাংমাৰ পৰিয়ালে।মৃতকৰ কেইবাজনো আত্মীয়ই হাস্পতালখনত কৰ্মৰত চিকিৎসকক প্ৰহাৰ কৰে।

ইয়াৰ পাছতে ভঙাঘৰ থানাত গোচৰ ৰুজু কৰে GMCH কৰ্তৃপক্ষই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্তৃপক্ষৰ এজাহাৰ ভিত্তিতে মৃত চেলগেৰীয়া এ চাংমাৰ পৰিয়ালৰ ৫গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰে ভঙাঘৰ আৰক্ষীয়ে।ইফালে ভুক্তভোগী পৰিয়ালৰ লোকও GMCH কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

চিকিৎসকৰ কৰ্তব্যত বাধা দিয়াৰ অভিযোগত ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোককেইজনক(Tensions erupt at GMCH)।

লগতে পঢ়ক : Rare speciesof Northern slow loris rescue : চিৰাঙত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ